Posts in

Archives


৩১ ডিচেম্বৰঃ  ”NRC”- অসম আৰু অসমীয়াৰ এটা বহুদিনীয়া সপোন 

Read More

বিশ্বনাথত চোৰাং চিকাৰীৰ বিৰুদ্ধে অব্যাহত বন বিভাগৰ অভিযান; ধৃত ১

Read More

নগাৱঁত জুবিনৰ সংগীতানুষ্ঠান

Read More

মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই সমগ্ৰ বিশ্ববাসীয়ে নতুন বৰ্ষ ২০১৮ ক আকোঁৱালি ল’ব। প্ৰতিটো বছৰৰ ৩১ ডিচেম্বৰ তাৰিখটোক সকলোৱে উলহ-মালহৰে পালন কৰি পুৰণি বৰ্ষক বিদায় জনাই নতুন বৰ্ষক আদৰে। বিশ্বৰ সকলো প্ৰান্তৰ লগতে দেশজুৰি নৱবৰ্ষক লৈ চলি থকা আনন্দ, উপভোগৰ সময়তেই অসমত আকৌ ৩১ ডিচেম্বৰৰ উৎসাহ দুগুণ হৈ পৰিছে। কাৰণ ১ জানুৱাৰী তাৰিখে ৰাজ্যবাসীৰ এটা বহুদিনীয়া …

বিহালীৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট, ৩১ ডিচেম্বৰ, ২০১৭ঃ  বিশ্বনাথ ঘাটৰ নৰ্দাৰ ৰেঞ্জৰ বন বিভাগৰ দ্বাৰা অঞ্চলটোত অব্যাহত আছে চোৰাংচিকাৰী বিৰোধী অভিযান। মন কৰিবলগীয়া যে, বিগত কেইবামাহ ধৰি বিশ্বনাথ ঘাটৰ নৰ্দাৰ ৰেঞ্জৰ বন বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত চলা চোৰাংচিকাৰী বিৰোধী অভিযানত বন বিভাগে বহুকেইটা চোৰাংচিকাৰীক আটক কৰি জে’ললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। তাৰেই পুনৰ আন এক …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট, ৩১ ডিচেম্বৰ, ২০১৭ঃ- জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠানে জীপাল কৰিলে নগাঁৱৰ কলঙৰ বাকৰি৷ শনিবাৰে নিশা নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত হ’ল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। উল্লেখযোগ্য যে, জুবিনৰ এটি গীতত স্থানীয় বিজেপি বিধায়ক ৰূপক শৰ্মাই  ড্ৰামত সংগ প্ৰদানেৰে অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তুলিলে৷

ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ, ২০১৭ঃ- বিগত ২৭ ডিচেম্বৰৰ পৰা ওদালগুৰি জিলাৰ টংলাৰ সতীশ চন্দ্ৰ ৰাভা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত আয়োজিত নিখিল ৰাভা সাহিত্য সভাৰ ৩৪ সংখ্যক পূৰ্ণাঙ্গ অধিৱেশন ৩০ডিচেম্বৰ তাৰিখে সামৰণি পৰে। অধিৱেশনৰ অন্তিম দিনা আয়োজিত মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, উক্ত দিনা দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাভা জনগোষ্ঠীৰ ভাষা-সাহিত্যৰ উত্তৰণৰ …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ,৩১ ডিচেম্বৰ ,২০১৭ঃ- দেওবাৰে পুৱা জুৰীয়াৰ সুতিৰ পাৰত দুটাকৈ  পহু উদ্ধাৰ কৰে স্থানীয় ৰাইজে। প্ৰাপ্ত তথ্য অনুসৰি, লাওখোৱা অভয়াৰণ্যৰ পৰা জনঅৰণ্যলৈ ওলাই আহিছিল পহু দুটা। উল্লেখযোগ্য যে, পহু দুটা উদ্ধাৰ কৰি স্থানীয় ৰাইজে বনবিভাগক চমজাই দিয়াৰ পাছত বন বিভাগে উক্ত পহু দুটাক লাওখোৱা অভয়াৰণ্যত মুকলি কৰি দিয়ে।

ডিজিটেল ডেস্ক, ৩১ ডিচেম্বৰ, ২০১৭ঃ- জানুৱাৰীত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষিমপুৰৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ প্ৰথমখন বাৰ্ষিক অধিৱেশনখন। উত্তৰ-পূব ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ধৰ্মীয়, সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৱগঠিত জিলা শাখাখনৰ প্ৰথম বাৰ্ষিক অধিৱেশনখনি মণিকাঞ্চন আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত দুদিনীয়া কাৰ্যসূচীৰে অহা ইংৰাজী ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে পাণবাৰী বড়ীগাওঁ নামঘৰত আয়োজন কৰা হৈছে। …

বিহালীৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট, ৩০ ডিচেম্বৰ, ২০১৭ঃ  বিহালীত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ। আন দিনাৰ দৰে যোৱা নিশাও বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বাহবাৰীত প্ৰায় ২০/২৫ জনীয়া এটা বন্যহস্তীৰ দলে প্ৰৱেশ কৰি গাওঁখনৰ বন বাহাদুৰ সোণাৰী, অৰ্জুন সোণাৰী, অৰুণা সোণাৰী, ৰাজু কুমাৰ সোণাৰী, তীৰ্থ বাহাদুৰকে ধৰি কেইবাজনো লোকৰ গৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই …

ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ, ২০১৭ঃ- টাই আহোমৰ শক্তিশালী সংগঠন ‘ডয় পাতকাই সমাজ’ৰ দ্বাৰা শিৱসাগৰৰ মেটেকা লাই মেকুৰী গাৱঁত অনুষ্ঠিত টাই ভাষা সংস্কৃতিৰ কৰ্মশালাৰ আজি সামৰণি পৰে। সংগঠনটোৰ উদ্যোগত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাখনিত শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ প্ৰায় দুই শতাধিক অংশগ্ৰহণকাৰীয়ে  অংশগ্ৰহণ কৰে। কৰ্মশালাৰ অন্তিম দিনা অনুষ্ঠিত সামৰণি অনুষ্ঠানটোত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি সদস্যসকলক …

কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ,৩০ ডিচেম্বৰ, ২০১৭ঃ শনিবাৰে পুৱাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰগছ ৰিজৰ্টত  ব্ৰহ্মপুত্ৰ বৰ্ডৰ এক সভা অনুষ্ঠিত হয়। বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা সমিতিখনৰ নৱম সংখ্যক সভাখনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পথ পৰিবহন আৰু জলসম্পদ দপ্তৰৰ মন্ত্ৰী নিতীন গাডকাৰিয়ে। সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰিও জলসম্পদ মন্ত্ৰী কেশৱ মহন্তয়ো ভাগ …

ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ ,২০১৭ঃ শনিবাৰে তিনিচুকীয়াত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ ২৮তম কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হয়। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত জিলাখনৰ বৰ-লাই-পুলি আঞ্চলিক সমিতিৰ সহযোগত বৰ-লাই-পুলিত অনুষ্ঠিত ২৮তম কেন্দ্ৰীয় শ্বহীদ দিৱসত জাতীয় শ্বহীদ চাও ডিম্বেশ্বৰ গগৈক স্মৰণ কৰা হয়। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি চাও মনোজ গগৈসহ আন আন নেতাসকল উপস্থিত থকা থকা …