চেল্ফিৰে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰা বান্দৰলৈ পেটাৰ সন্মানীয় পাৰচ’ন অৱ দ্যা ইয়েৰ’ৰ খিতাপ


অনলাইন ডেস্ক, ৬ ডিচেম্বৰ, ২০১৭ঃ এই বিশ্বত নিতৌ বহুতো আচৰিত ঘটনা ঘটি থাকে যিয়ে প্ৰায়েই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হয়। তেনে এক আচৰিত ঘটনাই ঘটিল ইন্দোনেছিয়াত। দেশখনৰ এটা বান্দৰে চেল্ফি তুলি লাভ কৰিলে ‘পাৰচ’ন অৱ দ্যা ইয়েৰ’ৰ সন্মানীয় খিতাপ। আমেৰিকাৰ কপিৰাইট আইনৰ ক্ষেত্ৰত এক ঐতিহাসিক ঘটনাৰ সৃষ্টি কৰা এই বান্দৰটোক মংগলবাৰে পশু অধিকাৰৰ হকে কাম কৰা এটা সংগঠনে এই খিতাপ আগবঢ়ায়। এই বিস্ময় বান্দৰটোৰ নাম হৈছে নাৰুত’ যিয়ে নিজৰ দাঁত দেখুওৱাই তোলা চেল্ফিখনেৰে সমগ্ৰ বিশ্বতে বিখ্যাত হৈ পৰিছিল। উল্লেখযোগ্য যে পশুৰ অধিকাৰৰ বাবে কাম কৰা সংগঠন ‘পিপল ফৰ দ্যা এথিকেল ট্ৰিটমেন্ট অৱ এনিমেল্চ (পেটা)’ ই উক্ত বান্দৰটোৱে তোলা চেল্ফিৰ কথা বিশ্ববাসীৰ সন্মুখত পোন প্ৰথমে উত্থাপন কৰিছিল। পেটাই নাৰুত’ নামৰ এই বান্দৰটোক সন্মান জনাই কয় যে ক’লা ৰঙৰ এই বান্দৰটো কোনো বস্তু নহয়, বৰঞ্চ ই এক জীৱহে । ২০১১ চনত ‘সুলাৱেছি দ্বীপ’ত নাৰুত’ নামৰ এটা বান্দৰে এজন ব্ৰিটিছ প্ৰাকৃতিক ফটোগ্ৰাফাৰ ডেভিদ স্লেটাৰে লগাই থোৱা কেমেৰাৰ লেন্সৰ সন্মুখীন হৈ নিজেই কেমেৰাৰ চুইছটো টিপি দিছিল। সেই বান্দৰটোৱেই আছিল বিস্ময় বান্দৰ নাৰুত’। এনেকৈয়ে সি তুলিছিল এখন সুন্দৰ চেল্ফি।
ডেভিদ এজন প্ৰাকৃতিক ফটোগ্ৰাফাৰ আৰু তেখেতে প্ৰকৃতিৰ সৈতে জড়িত বস্তুৰ ফটো নিজৰ কেমেৰাৰ লেন্সত আৱদ্ধ কৰি ৰাখে। তেওঁ নাৰুত’ৰৰ ফটোখন ইন্টাৰনেটত আপল’ড কৰিছিল। ইন্টাৰনেটত এই ফটোখন আপল’ডত পৃথিৱীৰ চোকে কোণে বিয়পি পৰাৰ পাছতেই ইয়াৰ বিপক্ষে গোচৰ তৰিছিল পেটাই। এক আৱেদনত পেটাই দাবী কৰিছিল যে এই ভাইৰেল ফটোখনত থকা ছয় বছৰীয়া নাৰুত’ক “নিজৰ ফটোখনৰ ৰচনাকাৰ অথবা মালিক” হিচাপে ঘোষণা কৰিব লাগে বুলি। পেটাৰ সংস্থাপক ইনগ্ৰিড নেবকিৰ্কে মংগলবাৰে এটা ভাষ্যত উল্লেখ কৰে যে নাৰুত’ৰ এই ঐতিহাসিক ফটোখনে ‘মানুহ কোন হয় আৰু কোন নহয়’ এই বিচাৰক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ল। এনে এক ঘটনা প্ৰথমবাৰৰ বাবে হৈছে য’ত কোনোবাই পশুক এটাক বেলেগৰ সম্পত্তি বুলি ঘোষিত কৰাৰ সলনি সম্পত্তিৰ মালিক হিচাবেহে ঘোষণা কৰাৰ বাবে দাবীৰে গোচৰ তৰিছে।
আন্তঃৰাষ্ট্ৰীয় আইন বিশেষজ্ঞসকলৰ মাজত শেহতীয়াকৈ এই গোচৰটোৱে’ পশুৰবোৰ বাবে নিজৰ ব্যক্তিত্বৰ চিনাকি আৰু সিহঁত নিজস্ব সম্পত্তিৰ মালিক হ’ব পাৰিবনে নোৱাৰে সেই বিষয় সম্পৰ্কে বিতৰ্কৰ সৃষ্টি কৰিছিল। অৱশেষত আদালতে ছেপ্টেম্বৰ মাহত এই কথাত সন্মতি জনায় যে ডেভিদে ভৱিষ্যতে বান্দৰৰ চেল্ফিৰ ব্যৱহাৰ নাইবা বিক্ৰীৰ জৰিয়তে যি ধন লাভ কৰিব তাৰ ২৫% ধন ইন্দোনেছিয়াৰ এনে বান্দৰসমূহৰ সুৰক্ষাৰ সহায়ৰ বাবে প্ৰদান কৰিব লাগিব।

Previous ৬ ডিচেম্বৰঃ বাবৰি মছ্জিদ কাণ্ডৰ ২৫ টা বছৰ
Next দিচাংমুখত বন বিভাগৰ চৰম অকৰ্মণ্যতাত শগুণৰ খাদ্যত পৰিণত মৃত বন্য হস্তী

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *