বিশেষ সঁচৰ কঠাঁলৰ দ্বাৰা দেশজুৰি শিৰোনামত কৰ্নাটকৰ খেতিয়ক


Jackfruit

অনলাইন ডেস্ক, ৭ ডিচেম্বৰ, ২০১৭ঃ কৰ্ণাটকৰ এজোপা কঠাঁল গছৰ সঁচে শেহতীয়াকৈ নিজৰ বিশেষ উপকাৰী গুণৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যখনৰ তুমকুৰ জিলাৰ চেলুৰ গাঁৱৰ খেতিয়ক এছ. এছ. পৰমেশৰ ঘৰত অৱস্থিত এক বিশেষ সঁচৰ কঠাঁল গছত অধিক পৰিমাণৰ পুষ্টিকৰ উপাদান আছে আৰু ই স্ৱাস্থ্যৰ বাবে বহুত লাভদায়ক। উল্লেখ্য যে এই বিশেষ সঁচৰ গছজোপা খেতিয়কজনৰ দেউতাকে প্ৰায় ৩৫ বছৰ পূৰ্বে ৰূপণ কৰিছিল। পৈতৃক সম্পতি ৰূপে পোৱা এই গছৰ সঁচে লাভদায়ক অথবা উপকাৰী ফল দিয়াৰ লগতে খেতিয়ক্জনৰ বাবে ই হৈ পৰিছে এক উপাৰ্জনৰ অন্যতম আহিলাস্বৰূপ। দেউতাক এছ. কে. সিদপ্পাই ৰূপণ কৰা এই গছজোপা তেখেতৰ মৃত্যুৰ পাছত নাম ‘সিদ্ধু’ নামেৰে নামাকৰণ কৰা হয়। উল্লেখনীয় যে খেতিয়ক হিচাপে এই বিষয়ৰ ওপৰত কোনো বৈজ্ঞানিক জ্ঞান নথকা পৰমেশৰ সৈতে ’ইন্দিয়ান হৰ্টিকাল্চাৰ ৰিচাৰ্চ বিভাগ(IIHR)এ তেখেতৰ লগত ইতিমধ্যে এক চুক্তি কৰিছে যাতে এনেধৰণৰ গুণকাৰী কঠালৰ সঁচৰ মাত্ৰা বৃদ্ধিৰে অধিক পৰিমাণৰ কঠাঁল উৎপাদন কৰিব পৰা যায়। হৰ্টিকাল্চাৰ ৰিচাৰ্চ বিভাগে কেৱল এই সঁচৰ কঠাঁলহে নিজৰ বেনাৰৰ অধীনত বিক্ৰী কৰি আছে আৰু তেওঁলোকে ইয়াৰ পৰা লাভ কৰা উপাৰ্জনৰ ৭৫ % ধন অংশীদাৰী খেতিয়ক পৰমেশক অৰ্পণ কৰে। এইক্ষেত্ৰত এজন কৃষকে কয় যে এইধৰণৰ কঠাঁলৰ চাহিদা অধিক। পৰিয়াল তথা বন্ধু-বান্ধৱসকলে প্ৰায়েই তেখেতৰ পৰা কঠাল ক্ৰয় কৰে আৰু ইয়াৰ পৰা প্ৰায় ১০ লাখ টকা পৰ্যন্ত উপাৰ্জন হয়। আই.আই. এইছ. আৰ.(IIHR)এ ইতিমধ্যে এনে প্ৰজাতিৰ ১০ হাজাৰ কঠাঁলপুলিৰ অৰ্ডাৰ দিছে। পৰৱৰ্তী দুমাহত এইসমূহ বিক্ৰীৰ কাম আৰম্ভ কৰা হ’ব। সাধাৰণতে কঠাঁলৰ ওজন ১০ কেজিৰ পৰা ২০ কেজিৰ ভিতৰত থাকে কিন্তু বিশেষ প্ৰজাতিৰ এই কঠাঁলবিধৰ ওজন মাত্ৰ আঢ়ৈ কেজি মানহে হয়।

Previous ৭ ডিচেম্বৰঃ গুজৰাট বিধানসভাৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন
Next শিৱসাগৰ আৱকাৰী বিভাগৰ অভিযানত ৮৭ টা গোচৰ ৰুজু, ৭৩ গ্ৰেপ্তাৰ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *