নতুন বিশ্ব অভিলেখেৰে মাত্ৰ ৪২ দিনত নাঁৱেৰেই সমগ্ৰ পৃথিৱী জুখিলে ফ্ৰান্সৰ গাবাৰ্টে


অনলাইন ডেস্ক, ১৮ ডিচেম্বৰ, ২০১৭ঃ-  দেওবাৰে ফ্ৰান্কোইচ গাবাৰ্ট নামৰ ফ্ৰান্সৰ এগৰাকী ব্যক্তিয়ে নাঁও যাত্ৰাৰে সমগ্ৰ পৃথিৱীখনৰ জোখ ল’বলৈ আৰম্ভ কৰা অভিযান সমাপ্ত কৰি এটি বিশ্ব অভিলেখ স্থাপন কৰে। মাত্ৰ ৪২ দিন, ১৬ ঘন্টা, ৪০ মিনিট আৰু ৩৫ ছেকেণ্ড সময়ত তেখেতে এই যাত্ৰা সম্পূৰ্ণ কৰে। ৩৪ বৰ্ষীয় নাৱিক ফ্ৰান্কোইচে ফ্ৰান্সৰ উত্তৰ পশ্চিম টিপ আৰু ইংলেণ্ডৰ দক্ষিণ- পশ্চিমৰ লিজাৰ্ড পইন্টৰে উশান্ত দ্বীপৰ মাজত থকা ভাৰট্যুয়েল সমাপ্তি ৰেখা অতিক্ৰম কৰে। বিশ্ব চেইলিং স্পীড কাউন্সিলৰ এজন পৰ্যবেক্ষকে এই যাত্ৰাৰ মুঠ সময় ঘোষণা কৰে যদিও যাত্ৰাৰ সঠিক সময় নাওঁখনৰ জি.পি.এছ. ৰ তথ্য (ডাটা) অনুসৰিহে ঠিক কৰা হয়।

          দুটাকৈ সন্তানৰ পিতৃ গাবাৰ্টে অকলশৰীয়াকৈ নিজৰ অস্তব্ধ নাওঁ যাত্ৰাৰে বিশ্বৰ জোখ লৈ এই কাৰ্য সম্পাদন কৰা চতুৰ্থজন শিৰোনামধাৰণকাৰী ৰূপে পৰিগণিত হয়। তেখেতে ফ্ৰান্সৰে আন এগৰাকী ব্যক্তি থমাস কোবিলে যোৱা বৰ্ষত অৰ্জন কৰা একে ধৰণৰ বিশ্ব অভিলেখক ৬ দিন ১০ ঘন্টা সময়েৰে পিছ পেলাই এক নতুন অভিলেখ স্থাপন কৰে।

         ২০০৪ চনত এনে এক অভিলেখ পোন প্ৰথমবাৰৰ বাবে স্থাপন কৰিছিল ফ্ৰান্সৰ ফ্ৰান্সিস জ’য়নে। তেখেতে তেওঁৰ অভিযান সম্পূৰ্ণ কৰিছিল মুঠ ৭২ দিন ২২ ঘন্টাত।  উল্লেখযোগ্য যে, পৃথিৱী পৰিভ্ৰমণৰ বাবে বিভিন্ন লোকে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি আহিছে। কিছুদিন পূৰ্বে ভাৰতৰ এজন ব্যক্তিয়ে গোটেই বিশ্বত এইড্ছ সম্পৰ্কে সতৰ্কতা সৃষ্টি কৰিবলৈ চাইকেলেৰে বিশ্ব ভ্ৰমণ কৰিবলৈ লোৱা অভিযান আৰম্ভ কৰাৰ পাছত ৭৯ খন দেশ যাত্ৰা কৰি বৰ্তমান কাটাৰত উপস্থিত হয়।

        ভাৰতৰ সোমেন দেৱনাথে ২০০৪ চনত আৰম্ভ কৰা এই অভিযানেৰে ২০২০ চনলৈকে ১৯১ খন দেশৰ যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি অহা বৰ্ষত ভাৰতৰ স্বাধীনতা দিৱসৰ সময়ত অৰ্থাৎ ১৫ আগষ্টৰ দিনা তেখেত চৌদি আৰবলৈ যাব। এক সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, তেখেতে এখনি গ্ল’বেল গাঁও নিৰ্মাণ কৰিবলৈ ভাৰত চৰকাৰৰ পৰা ৮ একৰ মাটি বিচাৰিছে।

Previous বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰেৰে জিলিকিল চৰাইদেউ গ্ৰন্থমেলাৰ বাকৰি
Next জখলাবন্ধা আৰক্ষীৰ জালত তিনি দুধৰ্ষ চোৰাংচিকাৰী

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *