শিৱসাগৰত ‘আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ’ৰ শুভংকৰ ‘নন্দী’ৰ উন্মোচন


শিৱসাগৰৰ পৰা আছিফ আলিৰ ৰিপৰ্ট, ৬ ফেব্ৰুৱাৰী, ২০১৮ঃ- আহোম ৰাজশাসনৰ ছশ বছৰীয়া  গৌৰৱোজ্জ্বল ৰাজত্ব কালৰ অন্যতম সাক্ষীস্বৰূপ ঐতিহাসিক শিৱসাগৰ জিলাত প্ৰতিটো বৰ্ষতেই জিলা প্ৰশাসন আৰু শিৱসাগৰ দৌল উন্নয়ন কমিটিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অতি উলহ-মালহেৰে উদযাপিত হৈ আহিছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰী পূজা। দেশ-বিদেশৰ লক্ষাধিক ভক্তপ্ৰাণ জনতাৰে লোকে লোকাৰণ্য হৈ পৰা এই মহাশিৱৰাত্ৰি পূজাক চলিত বৰ্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰ্জাতিক মহোৎসৱক্ষেত্ৰলৈ ৰূপান্তৰ কৰি ফ্ৰান্স, ইটালী, আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, ৰোমানিয়া আদি দেশৰ বৰেণ্য শিল্পীৰ অংশগ্ৰহণেৰে অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈকে নগৰখনত ‘আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ’ৰ আয়োজন কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, উক্ত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ লগত সংগতি ৰাখি সোমবাৰে জিলা প্ৰশাসন তথা দৌল উন্নয়ন কমিটিৰ উদ্যোগত শিৱদৌল প্ৰাংগনত মহোৎসৱটিৰ  শুভংকৰ উন্মোচনৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। মন কৰিবলগীয়া যে, শিৱসাগৰৰ চক্র বিষয়া সম্প্ৰীতি গোস্বামীয়ে আঁত ধৰা তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা আৰু আন আন গণ্য-মান্য ব্যক্তই উপস্থিত থকা শুভংকৰ উন্মোচনী অনুষ্ঠানত শিৱৰ অনুচৰ নন্দীৰ  আৰ্হিত নিৰ্মিত মহোৎসৱৰ শুভংকৰটি উন্মোচন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি নাৰায়ণ কোঁৱৰে। উল্লেখযোগ্য যে, মহোৎসৱটিৰ শুভংকৰ নন্দীয়ে শিৱসাগৰকে ধৰি উজনি অসমৰ আন আন ঠাইসমূহ যেনেঃ- তিনিচুকীয়া, ডিব্রুগড়, যোৰহাট, গোলাঘাটৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কঁহৰা পৰ্য্যন্ত পৰিভ্রমণ কৰাৰ লগতে নিজৰ ভ্ৰমণকালত বিভিন্ন ঠাইৰ জনসাধাৰণৰ মাজত মহোৎসৱৰ প্ৰচাৰ পত্ৰ কৰিব বিতৰণ কৰিব বুলি উপায়ুক্ত নাৰায়ণ কোৱঁৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ ইয়াৰোপৰি মহোৎসৱৰ দিনকেইটাৰ সময়ত দৰ্শকৰ দেখাৰ সুবিধাৰ্থে শুভংকৰটিক স্থানীয় বৰ্ডিং খেলপথাৰত স্থাপন কৰা হ’ব বুলিও উপায়ুক্তগৰাকীয়ে জনায়। আনহাতে, শুভংকৰটিৰ উন্মোচনী অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জিলা উপায়ুক্তগৰাকীয়ে মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কীয় বিভিন্ন প্ৰয়োজনীয় দিশসমূহ পৰ্য্যালোচনা কৰাৰ উদ্দেশ্যে মহোৎসৱৰ আয়োজক সমিতিৰ লগতে উপ-সমিতিসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ উক্ত বৈঠকখনত জিলা উপায়ুক্তগৰাকীৰ লগতে শিৱসাগৰৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, অতিৰিক্ত উপায়ুক্ত অশ্বিনী কুমাৰ দলে, জিলা উন্নয়ন আয়ুক্ত অভিজিত বৰুৱা,  ৰাজহ চক্র বিষয়া সম্প্ৰীতি গোস্বামী, সহকাৰী আয়ুক্তদ্বয় ক্ৰমে প্ৰিয়াংকু জোতি শৰ্মা, প্ৰাঞ্জল দাসৰ দৰে প্ৰশাসনিক বিষয়া উপস্থিত থাকে। ইয়াৰোপৰি বৈঠকখনত বিভিন্ন দল-সংগঠনৰ প্রতিনিধিসহ জিলাখনৰ বহুকেইজন বিশিষ্ট ব্যক্তি তথা দৌল উন্নয়ন কমিটিৰ বিষয়ববীয়াসকলৰ লগতে সংবাদ মাধ্যমৰ কৰ্মীসকলেও অংশগ্রহণ কৰে।

Previous ঐতিহাসিক নাহৰ আলি নিৰ্মাণৰ দাবীত ভুক্তভোগী জনতাৰ পথ অৱৰোধ
Next ইতিহাস ৰচনাৰে বুধবাৰে মহাকাশলৈ গ’ল ‘বাহুবলী’

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *