Posts in

Archives


আন পুৰুষৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবে তিতাবৰত পত্নীক ঘঁপিয়ালে স্বামীয়ে

Read More

যকৃত সংক্ৰান্তীয় জটিল ৰোগত আক্ৰান্ত গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰী মূৰ্চনা; আশু-আৰোগ্যতাৰ বাবে সমগ্ৰ ৰাজ্যবাসীলৈ আৰ্থিক সহায়ৰ আহ্বান

Read More

শনিবাৰে নলবাৰী নৰ্থ-কামৰূপ ষ্টেডিয়াম কমপ্লেক্সৰ ইনড’ৰ ষ্টেডিয়াম আৰু ছুইমিং পুলৰ আধাৰশিলা অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱাল; গুণোৎসৱত ‘এ’ গ্ৰেড লাভ কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক সম্বৰ্ধনা

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তিতাবৰ, ৩১ মাৰ্চ, ২০১৮ঃ- তিতাবৰত শনিবাৰে স্বামীৰ দাৰ ঘাপত গুৰুত্বৰভাৱে আহত হয় এগৰাকী পত্নী। প্ৰাপ্ত তথ্য অনুসৰি, তিতাবৰৰ ৰেলৱে’ ষ্টেচনৰ সমীপতেই বাস কৰা বীৰেন সন্দিকৈ নামৰ এজন লোকে দিনৰ প্ৰায় ৩ মান বজাত নিজ পত্নীক অন্য পুৰুষৰ সৈতে অসংযত অৱস্থাত দেখা পোৱাৰ মাত্ৰকেই খঙত অগ্নিশৰ্মা হৈ এখন দাৰে আক্ৰমণ কৰে। …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী বিশ্ববিদ্যালয়, ৩১ মাৰ্চ, ২০১৮ঃ- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আগশাৰীৰ শিক্ষানুষ্ঠান গুৱাহাটী মহাবিদ্যালয়ৰ এগৰাকীৰ ছাত্ৰী এক জটিল ৰোগত আক্ৰান্ত হৈ বিগত বহুদিন ধৰি চিকিৎসাধীন হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী মহাবিদ্যালয়ৰ স্নাতক তৃতীয় বৰ্ষৰ প্ৰাণীবিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী মূৰ্চনা গায়নে যকৃত সংক্ৰান্তীয় এক জটিল ৰোগত আক্ৰান্ত হৈ বহুদিন ধৰি দিল্লীৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নলবাৰী, ৩১ মাৰ্চ, ২০১৮ঃ- শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰীত দুটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী নৰ্থ-কামৰূপ খেলপথাৰ চৌহদত ইনড’ৰ ষ্টেডিয়াম আৰু ছুইমিং পুলৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উক্ত অনুষ্ঠানতেই গুণোৎসৱত ‘এ’ গ্ৰেড লাভ কৰা জিলাখনৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে, অনুষ্ঠানটোত অংশগ্ৰহণ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱ্হাটী, ৩১ মাৰ্চ, ২০১৮ঃ- বিগত কেইবাটাও দিনৰ পৰা ধৰ্ষণ, হত্যা আদিকে কৰি ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা বিভিন্ন অপৰাধমূলক কাৰ্য্যকলাসমূহে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাটোক বিপাঙত পেলাবৰ বাবে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেইসমূহ অপৰাধমূলক কাৰ্য্যকলাপৰ প্ৰতি দৃষ্টি ৰাখি শুক্ৰবাৰে গুৱাহাটী মহানগৰ আৰক্ষী তথা জিলা প্ৰশাসনৰ উদ্যোগত কামৰূপৰ নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ বিভিন্ন কৰ্মকৰ্তাসকলৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৰঙিয়া, ৩১ মাৰ্চ, ২০১৮ঃ- অভিশপ্ত শনিবাৰ। দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা এটাৰ পাছত আন এটা পথ দুৰ্ঘটনাত বহুকেইজনে প্ৰাণ দিয়াৰ চাঞ্চল্য মাৰ নৌ যাঁওতেই ৰঙিয়াত  সংঘটিত হ’ল এটি কৰুণ পথ দুৰ্ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়াৰ সাতপাৰাত এখন দ্ৰুতবেগী ট্ৰেক্টৰৰ খুন্দাত এগৰাকী কিশোৰীয়ে প্ৰাণ দিয়াৰ লগতে আন এগৰাকী কিশোৰী গুৰুত্বৰভাৱে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বিলাসীপাৰা, ৩১ মাৰ্চ, ২০১৮ঃ- শিক্ষাখণ্ডৰ লগত জড়িত বহুকেইটা সমস্যা সমাধানৰ দাবীৰে শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ধুবুৰী জিলাত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ শিক্ষাৰ লগত জড়িত বিভিন্ন সমস্যাসমূহকলৈ ছাত্ৰ সংগঠনটোৱে শিক্ষা বিষয়াৰ কাৰ্য্যালয় ঘেৰাও কৰে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধুবুৰী জিলা সমিতিৰ সভাপতি মণ্ডলী …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নাজিৰা, ৩১ মাৰ্চ, ২০১৮ঃ– শনিবাৰে নাজিৰাত সংঘটিত দুটাকৈ পৃথক পথ দুৰ্ঘটনাত দুজন লোকে প্ৰাণ হেৰুওৱাবলগীয়া হয়। প্ৰাপ্ত তথ্য অনুসৰি, নাজিৰা নগৰত সংঘটিত এটা পথ দুৰ্ঘটনাত এখন মটৰচাইকেলৰ খুণ্ডাত এজন পথচাৰী নিহত হোৱাৰ বিপৰীতে চাহপাত কঢ়িওৱা এখন গাড়ীৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়। নিহত ব্যক্তি দুজন ক্ৰমে মন্টু ঘাটোৱাৰ আৰু বিতু …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., মৰিয়নি, ৩১ মাৰ্চ, ২০১৮ঃ– ৰাষ্ট্ৰীয় টেলিভিছন চেনেল ছনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘চুপাৰ ডাঞ্চাৰ-২’ৰ বিজয়ীৰ খিতাপ লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা কণমানি বিশাল শৰ্মাক শুক্ৰবাৰে মৰিয়নি সম্বৰ্ধনা জনোৱা হয়। প্ৰাপ্ত তথ্য অনুসৰি, মৰিয়নি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠন তথা স্থানী্য ৰাইজৰ সহযোগত মৰিয়নি ৰাজহুৱা প্ৰেক্ষাগৃ্হত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানটিত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., জালুকবাৰী, ৩১ মাৰ্চ, ২০১৮ঃ- শুক্ৰবাৰে নিশা গুৱাহাটী মহানগৰীৰ জালুকবাৰীস্থিত নতুন শৰাইঘাট দলঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ তথ্য অনুসৰি, দলংখনেৰে গৈ থকা এখন তীব্ৰবেগী ডাম্পাৰে এ.এছ.-০১ বি.এল.-১৫৮৮ নাম্বাৰৰ গ্ৰেণ্ড হোণ্ডাই গাড়ীত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। উল্লেখযোগ্য যে, ডাম্পাৰখনৰ খুন্দাত হোণ্ডাইখনত থকা প্ৰণৱ কুমাৰ পাঠক, মামনি দাস আৰু উমাকান্ত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০১৮ঃ- ডিব্ৰুগড় আৰক্ষীয়ে এ.পি.এছ.চি.ৰ ‘কেছ ফ’ৰ জ’ব’ কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা কৌশিক কলিতাৰ পত্নীক শনিবাৰে অসম আৰক্ষীৰ বিশেষ শাখাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। প্ৰাপ্ত তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা প্ৰশাসনিক বিষয়াগৰাকীৰ উত্তৰবহী তেখেতৰ পত্নীয়ে লিখাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই হস্তাক্ষৰৰ নমুনা গ্ৰহণ কৰাৰ বাবে কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাত …