ব্ৰিটেইনৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় চেনেল ‘ফক্স লাইফ’ত সম্প্ৰচাৰিত অসমৰ খাদ্য সম্ভাৰ তথা কলা-সংস্কৃতি, জৈৱ বৈচিত্ৰ আৰু পৰ্য্যটনভিত্তিক বিশেষ অনুষ্ঠান


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৫ মাৰ্চ, ২০১৮ঃ- পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসম। ব্ৰিটেইনৰ বিখ্যাত আন্তঃৰাষ্ট্ৰীয় চেনেল ‘ফক্স লাইফ’ত সম্প্ৰচাৰিত হ’ল অসমৰ খাদ্য সম্ভাৰ তথা কলা-সংস্কৃতি, জৈৱ বৈচিত্ৰ আৰু পৰ্য্যটনৰ ওপৰত এক বিশেষ অনুষ্ঠান। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে সমগ্ৰ বিশ্বজুৰি চেনেলটোৰ এংকৰ তথা চেফ চাৰাহ টডৰ ‘Awesome Assam’ নামৰ এক বিশেষ অনুষ্ঠান সম্প্ৰচাৰিত হয়। উল্লেখযোগ্য যে, অসমৰ কলা-সংস্কৃতি, জৈৱ বৈচিত্ৰ, পৰ্য্যটনৰ পৰা আৰম্ভ কৰি সু-স্বাদু পৰম্পৰাগত খাদ্য খাদ্য সম্ভাৰক লৈ নিশা ৮ বজাত সম্প্ৰচাৰিত হোৱা অনুষ্ঠানটোৰ জৰিয়তে মাজুলীৰ পৰআ আৰম্ভ কৰি ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ চহকী ভৰাঁলসমূহ অতি সুন্দৰভাৱে প্ৰদৰ্শিত হয়।

মন কৰিবলগীয়া কথা যে, চাৰাহ টডৰ উক্ত অনুষ্ঠানটোত অসমৰ আন আন গুৰুত্বপূৰ্ণ ঠাইৰ লগতে কৃষক নেতা অখিল গগৈৰ কাজিৰঙা অৰ্কিড তথা জৈৱ-বৈচিত্ৰ উদ্যানেও স্থান লাভ কৰে।

Previous ৰাজ্য চৰকাৰৰ অসম মহিলা বিশ্ববিদ্যালয় বিলুপ্তিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ পত্ৰ
Next অহা ২৯ মাৰ্চত সমূহ কৰ্মী তথা সমৰ্থকসহ মানকাচাৰৰ প্ৰাক্তন বিধায়ক জাৱেদ ইছলামৰ অগপত যোগদান

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *