অসমৰ ফেশ্বন জগতৰ বাবে সুখবৰ; সংযুক্তা দত্তলৈ দাদা চাহেব ফাল্কে একচেলেঞ্চ এৱাৰ্ডৰ মনোনয়ন


ডিজিটৈল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ মাৰ্চ, ২০১৮ঃ- অসমীয়া ফেশ্বন জগত তথা সমগ্ৰ অসমবাসীৰ বাবে এটা সুখবৰ। অসমৰ ফেশ্বন জগতৰ এগৰাকী চিৰপৰিচিত ডিজাইনাৰ সংযুক্তা দত্তলৈ আগবঢ়োৱা হৈছে দাদা চাহেব ফাল্কে একচেলেঞ্চ এৱাৰ্ডৰ মনোনয়ন। প্ৰাপ্ত তথ্য অনুসৰি, দাদা চাহেব ফাল্কেৰ ১৪৯তম জন্মজয়ন্তীৰ দিনা তেখেতৰ নামেৰে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বঁটা বিতৰণী অনুষ্ঠানৰ বাবে ডিজাইনাৰগৰাকী নাম মনোনীত হৈছে। উল্লেখযোগ্য যে, অহা ২১ এপ্ৰিলত মুম্বাইৰ বান্দ্ৰাস্থিত ছেইণ্ট এনিড্ৰিউছ প্ৰেক্ষাগৃহত দাদা চাহেব ফাল্কেৰ নামত বিভিন্ন বিভাগত বঁটা বিতৰণ কৰা হ’ব। মন কৰিবলগীয়া যে, সংযুক্তা দত্ত হৈছে অসমৰ প্ৰথমগৰাকী ফেশ্বন ডিজাইনাৰ যিয়ে দাদা চাহেব ফাল্কেৰ বঁটাৰ বাবে মনোনীত হৈছে।

Previous মঙলবাৰে যোৰহাটত আৱাহনৰ অন্তিম দিনাৰ মঞ্চত মেৰী কম আৰু মই মাৰ ছোৱালীৰ বিশেষ প্ৰদৰ্শনী
Next শাকমুঠিয়া চাহ বাগিচাত নাহৰফুটুকী নিধনেৰ মাংস ভক্ষণ; ২ জন আটক

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *