উত্তৰ গুৱাহাটীত আই.আই.টি. গুৱাহাটীত অধ্যয়নৰত ৰাজস্থানৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩ এপ্ৰিল, ২০১৮ঃ- মঙলবাৰে উত্তৰ গুৱাহাটীত এজন ছাত্ৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ গুৱাহাটীস্থিত আজ্ঞাঠুৰী ৰে’ল ষ্টেচনৰ নিচেই কাষতেই আই.আই.টি. গুৱাহাটীৰ ছাত্ৰ কনোৱাৰ সিং পল যাদৱৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, অগ্ৰণী শিক্ষানুষ্ঠানখনৰ বি.টেক. দ্বিতীয় বৰ্ষৰ ছাত্ৰজনৰ ৰাজস্থানৰ আনোৱাৰ জিলাত বুলি জানিব পৰা গৈছে। স্থানীয় ৰে’ল আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বিভিন্ন প্ৰত্যক্ষদৰ্শীয়ে ছাত্ৰজনৰ মৃতদেহটো চাই কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে আন একাংশই আত্মহত্যা বুলিহে সন্দেহ কৰে। আচলতে এইয়া হত্যাকাণ্ড নে আত্মহত্যা সেই সমগ্ৰ তথ্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছফে নিশ্চিত হ’ব।

Previous কেন্দ্ৰীয় চৰকাৰৰ এন.আই.আৰ.এফ.ৰ শীৰ্ষ ১০০ বিশ্ববিদ্যালয়ৰ তালিকাত অসমৰ ৪ বিশ্ববিদ্যালয়
Next ৫ এপ্ৰিলত গুৱাহাটীত অগপৰ বুথ পৰ্য্যায়ৰ কৰ্মী সন্মিলন

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *