তেজপুৰৰ নলাত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ যুৱক; নতুন প্ৰেমিকৰ সৈতে মিলি প্ৰাক্তন প্ৰেমিকাই জ্বলাই দিয়াৰ অভিযোগ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তেজপুৰ, ২০ এপ্ৰিল, ২০১৮ঃ- শুকুৰবাৰে তেজপুৰত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱা এজন যুৱকক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বিয়লি সময়ছোৱাত নগৰখনৰ এল. বি. ৰোড এটি নলাত এজন যুৱকে অগ্নিদগ্ধ অৱস্থাত প্ৰাণৰ মায়াত চিঞৰ-বাখৰ কৰি থকাত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হোৱা পাছত যুৱক চানমাৰিৰ অমন শৰ্মা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, যুৱকজনে আৰক্ষীক দিয়া  স্বীকাৰোক্তিত তেখেতৰ এল. বি. ৰোডৰে জনৈক মহন্ত উপাধিৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু বিগত কিছুদিন তাহাতঁৰ সম্পৰ্কত ফাঁট মেলাত যুৱতীগৰাকীৰ আন এজন যুৱকৰ সৈতে নতুন সম্পৰ্ক গঢ় লৈ উঠে। সেয়েহে য্বতীগৰাকীয়ে যুৱকজনক ঘৰলৈ মাতি নি তাইৰ নতুন প্ৰেমিকৰ সৈতে মিলি জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে অগ্নিদগ্ধ যুৱকজনে। আনহাতে, যুৱকজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতেই যুৱতীগৰাকীৰ লগতে মাককো আটক কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজো কৰি তদন্ত আৰম্ভ কৰিছে।

Previous শনিবাৰে অসম সত্ৰ মহাসভাৰ কৰ্ণধাৰ সমিতিৰ বিশেষ বৈঠক
Next ২২ এপ্ৰিলত গোৱালপাৰাত আমছুৰ নৱ-নিৰ্বাচিত সমিতিৰ শপতগ্ৰহণ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *