ডবকাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ২জন নিহত; আহত ৫


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., হোজাই, ৫ মে’, ২০১৮ঃ- শনিবাৰে হোজাইত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ২ জন লোক নিহত হোৱাৰ বিপৰীতে আন ৫ জন নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, হোজাই জিলাৰ অন্তৰ্গত ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী বাহনে আন এখন ই-ৰিক্সাক খুন্দা মৰাত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে, দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত আন ৫জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে, গাড়ীখনে দুৰ্ঘটনাটো সংঘটিত কৰাৰ পাছতেই নীলবাগান অভিমুখে পলায়ন কৰে।

Previous শ্বহীদ ভাস্কৰ কলিতাৰ পৰিয়াললৈ চৰকাৰৰ উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী বদৰুদ্দিন আজমলৰ; আৰক্ষীৰ আত্মৰক্ষাৰ বিষয়ত গুৰুত্ব প্ৰদানৰ আহ্বান
Next জিএমচিএইচত নৱনিযুক্ত মন্ত্ৰী পিয়ুষ হাজৰিকা; শীঘ্ৰে মুকলি হ’ব ৫০খন নতুন আইচিইউ বিচনা আৰু এম.আৰ.আই. মেচিন

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *