ভাৰতীয় ইতিহাসৰ সৰ্ববৃ্হৎ ই-কমাৰ্চ চুক্তিৰে ১.৫ লাখ কোটিত বিক্ৰী হ’ল ফ্লিপকাৰ্ট


অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., নতুন দিল্লী, ১০ মে’, ২০১৮ঃ- ভাৰতীয় ইতিহাসৰ সৰ্ববৃ্হৎ ই-কমাৰ্চ চুক্তিৰে বিক্ৰী হ’ল ফ্লিপকাৰ্ট। প্ৰাপ্ত তথ্য অনুসৰি, এক ঐতিহাসিক চুক্তিৰে ১৬ আৰৱ কোটি অৰ্থাৎ ১.০৫ ল‍াখ কোটি টকাত আমেৰিকাৰ ৰিটেইল কোম্পানী ৱালমাৰ্টৰ হাতত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ অনলাইন কোম্পানীটো বিক্ৰী হয়। উল্লেখযোগ্য যে, দিল্লী আই.আই.টিৰ. দুজন বন্ধু বিন্নী বাঞ্চাল আৰু শচীন বাঞ্চালে বিশ্বৰ অন্যতম বৃহৎ শ্বপিং কোম্পানী ফ্লিপকাৰ্টৰ আৰম্ভনি কৰিছিল আৰু ৱালমাৰ্টে কোম্পানীটোৰ ৭৭% শ্বেয়াৰ ক্ৰয়েৰে নিজৰ অধীনলৈ নিবলৈ সক্ষম হয়। মন কৰিব লগীয়া কথা যে, ৱালমাৰ্টৰ বাবে এই ডীল অতি লাভজনক হিচাবে বিবেচিত হৈছে কাৰণ ভাৰতবৰ্ষত বৰ্তমান ৪০ কোটিৰো অধিক লোকে ইন্টাৰনেট ব্যৱহ‍াৰকাৰী আছে আৰু ইয়াৰে প্ৰায় ১৪ কোটি লোকে অনলাইনযোগে সা-সামগ্ৰী ক্ৰয় কৰে। ই্যাৰোপৰি, ২০২৬ লৈ কে ইয়াৰ সংখ্যা প্ৰায় ৫০কোটি লৈ বৃদ্ধি পাব বুলি এটা অনুমান কৰা হৈছে। মন কৰিবলগীয়া কথা যে, ৱালমাৰ্ট হ’ল এনে এক ৰিটেইল কোম্পানী যি অতি কম মূল্যতে সামগ্ৰীসমূহ বিক্ৰী কৰে। এই কোম্পানিইটোৱে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সস্তীয়া সামগ্ৰীবোৰ নি বিভিন্ন ঠ‍াইত অতি কম দামতে বিক্ৰী কৰে।

Previous কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা; আহত ২
Next আগন্তুক ৫ বছৰৰ বাবেও কৰ্ণাটকৰ শাসনভাৰ লাভৰ দৃঢ় বিশ্বাস মুখ্যমন্ত্ৰী সিদ্ধাৰামীয়াৰ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *