৫ টকাত আহাৰ পোৱা হোটেলখন!


ৰাজস্থানৰ পৰা অমূল্য বৰাৰ বিশেষ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৩০ মে’, ২০১৮ঃ- “মাত্ৰ ৫ টকাত আহাৰ”- এই কথাষাৰ শুনিলে হয়তো সকলোৱে আচৰিত হ’ব। হয়, যিটো সময়ত সমগ্ৰ দেশতেই সামগ্ৰীৰ দৰ উৰ্দ্ধমুখী ৰূপলৈ গতি কৰিছে সেইটো সময়তেই সময়তেই ৰাজস্থানৰ এখন হোটেলে একেবাৰে নিম্ন মূল্যত দিছে আহাৰ গ্ৰহণৰ সুবিধা। প্ৰাপ্ত তথ্য অনুসৰি, ৰাজস্থানৰ ৰাজধানী তথা  ‘পিংক চিটি’ৰূপে জনাজাত জয়পুৰত মূল্যবৃদ্ধিয়ে নিদ্ৰাহৰণ কৰা সাধাৰণ জনতাক আজিৰ দিনটো মাথো পাচঁ টকাত আহাৰ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে, ৰাজস্থান চৰকাৰে বিশেষ সাহাৰ্য প্ৰদানেৰে সৰ্বসাধাৰণ জনতাক সামান্যমূল্যৰ বিনিময়ত আহাৰ প্ৰদান কৰা এই বিশেষ হোটেলখনত প্ৰতিদিনে দেখা যায় গ্ৰাহকৰ দীঘলীয়া শাৰী।

Previous যোৰহাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত অচিনাক্ত লোকৰ মৃত্যু
Next প্ৰাক্তন মন্ত্ৰী ৰামচন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *