Posts in

Archives


জয়সাগৰত তীব্ৰবেগী ইণ্ডিকা ভিষ্টাৰ খুন্দাত প্ৰাণ গ’ল ৩ বছৰীয়া শিশুৰ

Read More

সৰভোগত ৰাজ্য চৰকাৰৰ বিশাল মহিলা সমাৰোহ সম্পন্ন; মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ মন্ত্ৰী নৱ দলে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দত্তৰ অংশগ্ৰহণ

Read More

নলবাৰীৰ বৰমুৰিকোণাত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত; আহত ১

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৫ জুন, শিৱসাগৰ, ২০১৮ঃ- সোমবাৰে শিৱসাগৰ জিলাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এটি কণমানি শিশু নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, ঐতিহাসিক জিলাখনৰ জয়্সাগৰ তিনিআলিত এ.এছ.-০৬ জে-১৭৯৬ নম্বৰৰ এখন ইণ্ডিকা ভিষ্টা গাড়ীৰ খুন্দাত জুবেদ ইছলাম নামৰ এটি ৩ বছৰীয়া শিশুৰ মৃত্যু হয়। উল্লেখযোগ্য যে, পিতৃৰ সৈতে গৈ থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., সৰভোগ, ২৫ জুন, ২০১৮ঃ- সোমবাৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত বৰপেটাত বিশাল মহিলা সমাৰোহ সম্পন্ন হ্য। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ সৰভোগ মিনি ষ্টেডিয়ামত আয়োজিত উক্ত মহিলা সমাৰোহত মুখ্য অতিথিৰূপে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, উক্ত সমাৰোহখনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ অধীনত কেইবা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., নলবাৰী, ২৫ জুন, ২০১৮ঃ- সোমবাৰে নলবাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ বৰমুৰিকোণাত এখন ট্ৰেক্টৰ আৰু এখন দুচকীয়া বাহনৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ইদ্ৰিছ আলী নামৰ বাইক আৰোহীজনৰ থিতাতে মৃত্যু হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাটোত আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজনক ততালিকে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোৰহাট, ২৫ জুন, ২০১৮ঃ- তেজপুৰত নিজ পুত্ৰৰ হাতত মাতৃয়ে প্ৰাণ হেৰুওৱাৱলগীয়া ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই যোৰহাটত সংঘটিত হ’ল আন এন জঘন্য হত্যাকাণ্ডৰ। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ চেলেঙত অবাধ্য হোৱাৰ দোষত নিজ পিতৃ-মাতৃয়ে পুত্ৰ অভিজিত গড়ক মৰিয়াই মৰিয়াই হত্যা কৰে। উল্লেখযোগ্য যে, লাওজান স্কুলত অধ্যয়নৰত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰজনৰ মৃত্যুত চৌদিশে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৫ জুন, বিশ্বনাথ, ২০১৮ঃ- সোমবাৰে বিশ্বনাথ কলেজৰ তিনিটাকৈ নৱনিৰ্মিত ভৱনৰ উদ্বোধন কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানখনত সোমবাৰে নৱনিৰ্মিত প্ৰশাসনিক ভৱন, নাজিবুৰ ৰহমান ভৱন আৰু ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰয়োগশালাৰ শুভ উদ্বোধন সম্পন্ন হয়। উল্লেখযোগ্য যে,  উক্ত ভৱনকেইটাৰ উদ্বোধন কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰাৰ লগতে …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৫ জুন, ২০১৮ঃ- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন.আৰ.চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ বাবে অধিক সময় বিচাৰি উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। প্ৰাপ্ত তথ্য অনুসৰি, বানপানীৰ সমস্যাকে আদি কৰি বিভিন্ন কাৰণ দৰ্শাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ বাবে ৰাজ্যিক সমন্বয়কজনে মহামান্য উচ্চতম ন্যায়ালয়ত উক্ত আৱেদন জনাইছে। উল্লেখযোগ্য যে, উক্ত আৱেদন …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., শোণিত পুৰ, ২৫ জুন, ২০১৮ঃ- সোমবাৰে শোণিতপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ বালিপৰাৰ খেলমাটিত এখ্ন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত ৫ স্কুলীয়া ছাত্ৰী আহত হয়। উল্লেখযোগ্য যে, আহত ছাত্ৰীকেইগৰাকী অসম ভেলী স্কুলৰ বুলি জানিব পৰা গৈছে। আনহাতে, আহত আটাইকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৫ জুন, ২০১৮ঃ- শিশুক যৌন নিৰ্যাতনৰ দৰে এক লজ্জাজনক ঘটনাই জোকাৰি গ’ল গুৱাহাটী মহানগৰীক। প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ হাতীগাঁৱৰ ঘোঁৰামাৰাত মকবুৰ আলী নামৰ যুৱকজনৰ বিৰুদ্ধে এটি ৩ বছৰীয়া কণমানিক যৌন নিৰ্যাতনৰ অভিযোগ উথাপিত হৈছে।উল্লেখযোগ্য যে, অভিযুক্ত যুৱকজনৰ ঘৰ নলবাৰীৰ ২নং কাপালাবড়ীত বুলি জানিব পৰা গৈছে। আনহাতে, কণমানিগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৫ জুন, ২০১৮ঃ- সোমবাৰে গুৱাহাটী মহানগৰীত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ ধাৰাপুৰত এখন তীব্ৰবেগী অজ্ঞাত গাড়ীৰ খুন্দাত মণিৰাম বৈশ্য নামৰ এজন লোক নিহত হয়। উল্লেখযোগ্য যে, দুৰ্ঘটনাত নিহত লোকজনৰ ঘৰ খনামুখত বুলি জানিব পৰা গৈছে। আনহাতে, উক্ত দুৰ্ঘটনাটো সংঘটিত কৰাৰ পাছত দুৰ্ঘটনাস্থলীৰ পৰা চালকসহ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., তেজপুৰ, ২৫ জুন, ২০১৮ঃ- মাতৃহত্যাৰ দৰে এক জঘন্য কাণ্ডই সোমবাৰে জোকাৰি গ’ল সমগ্ৰ শোণিতপুৰ জিলাক। প্ৰাপ্ত তথ্য অনুসৰি, তেজপুৰৰ দ-পৰ্বতীয়াৰ অন্তৰ্গত সাউদৰচুবুৰীত এটা কুলাংগাৰে নিজৰ বিধৱা মাতৃক হত্যা কৰে। উল্লেখযোগ্য যে, ধ্ৰুৱজ্যোতি বৰা নামৰ মাতৃহন্তা যুৱকজনে মাতৃ সৰুমাই বৰাক হত্যা কৰাৰ পাছত মৃতদেহটো ঘৰৰ পাছফালৰ কৰি কুঁৱাত পেলাই জাৱৰেৰে ঢাকি সমগ্ৰ ঘটনাক গাপ …