হাজাৰজন অসমীয়াৰ বাবে আদৰ্শৰ প্ৰতীক চৰাইদেউৰ ‘হাজৰিকা হেয়াৰ কাটিং চেণ্টাৰ’


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., চৰাইদেউ, ৪ জুন, ২০১৮ঃ- যিটো সময়ত সমগ্ৰ ৰাজ্যজুৰি যুৱক-যুৱতীসকলে চাকৰিৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলগা হৈছে সেইটো সময়তেই চৰাইদেউ জিলাৰ এজন অসমীয়া যুৱকৰ কাৰ্য্যপন্থাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক অগতানুগতিক কৰ্মসংস্কৃতি আঁকোৱালি লৈ জিলাখনৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত ভজো ৰংচোৱাল-চাংমাই গাঁৱৰ শান্তনু হাজৰিকা নামৰ যুৱকজনে আৰম্ভ কৰিছে এখন চেলুন যি বৰ্তমান সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে। উল্লেখযোগ্য যে, সাধাৰণ অসমীয়া যুৱকে কৰিবলৈ টান পোৱা নাইবা লাজ অনুভৱ কৰা নাপিতৰ কামেৰে যুৱকজনে নিজৰ গাঁৱতে চলাইছে ‘হাজৰিকা হেয়াৰ কাটিং চেণ্টাৰ’ নামৰ চেলুনখন।মন কৰিবলগীয়া কথা যে, নাপিত,ধোবা, মুচি ইত্যাদি বিভিন্ন কাম-কাম সাধাৰণতে বিহাৰ, উত্তৰপ্ৰদেশ আদি অসমৰ বাহিৰৰ ৰাজ্যৰ লোকে কৰা দেখা যায় যদিও শান্তনু হাজৰিকাৰ এই কৰ্মপ্ৰচেষ্টা সমগ্ৰ অসমতেই এক আদৰ্শ আৰু নীতিশিক্ষাৰ প্ৰতীক হৈ পৰিব।

Previous পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীৰে ৰাজ্যজুৰি আক্ৰাছুৰ অৱস্থান ধৰ্মঘট; কৃষক নেতা অখিল গগৈৰ অংশগ্ৰহণ
Next হোজাইত উপায়ুক্ত আৰু উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভা; কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *