ডকমকা কাণ্ডৰ মূল অভিযুক্ত ‘আলফা’ক গ্ৰেপ্তাৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কাৰ্বিআংলং, ১৩ জুন, ২০১৮ঃ- অৱশেষত গ্ৰেপ্তাৰ হ’ল ডকমকা কাণ্ডৰ মূল অভিযুক্ত ‘আলফা’। প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে আৰক্ষীয়ে ঘটনাটিৰ মূল অভিযুক্ত আলফা ওৰফে আলফাজছ তিমুঙক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, চাৰিদিন পূৰ্বে কাৰ্বিআংলং জিলাৰ ডকমকাত গুৱাহাটীৰ দুই নিৰীহ যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথে অকালতেই মৃত্যুক সাৱটি লোৱাৰ মূলতেই আছিল ধৃত ‘আলফা’ৰ এটি ভুৱা তথ্যসম্পন্ন ফোনকল।মন কৰিবলগীয়া কথা যে, বিগত ৮ জুনত সংঘটিত উক্ত নাৰকীয় ঘটনাটিৰ পাছৰেই এই মূল অভিযুক্তটো পলাতক অৱস্থাত আছিল।

Previous ৰঙিয়াৰ কৰৰা গড়ভিতৰত তীব্ৰ ছুইফ্ট ডিজায়াৰৰ খুন্দাত এজন নিহত
Next মন্ত্ৰী পিয়ুষ হাজৰিকাৰ নেতৃত্বত মহানগৰীত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *