ঈদ বিশেষঃ শ্বাহী শ্বীৰ খুৰমা


ৰিপাব্লিক এন. ই.ৰ খাদ্যৰ শিতানত তেজপুৰৰ জোনমণিৰ আখলৰ পৰা ঈদ উপলক্ষে আগবঢ়াইছে ‘শ্বাহী শ্বীৰ খুৰমা’

উপকৰণঃ

  • গাখীৰঃ ২ লিটাৰ
  • কেচা চেৱাইঃ ৮০ গ্ৰাম
  • চেনীঃ ১২০ গ্ৰাম
  • ঘিউঃ ২ চামুচ
  • ৰিফাইন তেলঃ ২ টেবুল চামুচ
  • কাজুঃ ১০-১৫ টা
  • কাঠ বাদামঃ ১০-১৫ টা
  • ইলাইছি পাউদাৰঃ ১/৪ চামুচ
  • মাৱা (গাখীৰৰ ছানা)ঃ ১০০ গ্ৰাম
  • খেজুৰীঃ ৫-৬ টা (মিহিকৈ কুটা)
  • কিছমিছঃ ১/৪ কাপ
  • পিস্তাঃ ১/৪ কাপ
  • কেছৰ বা ছেফৰণঃ ১/২ চামুচ
  • কাজু আৰু কাঠ বাদাম মিহিকৈ কাটি ল’ব- ১/৪ কাপ (প্ৰতিটো)

প্ৰণালীঃ

প্ৰথমে কাজু আৰু কাঠ বাদাম ১ কাপ গাখীৰৰ লগত মিক্সিৰ সহায়েৰে এটা মিহি পেস্ট তৈয়াৰ কৰি ল’ব। এতিয়া এটা পাত্ৰত মাৱা আৰু ১ কাপ গাখীৰ ভালকৈ মিহলাব। আকৌ এটা পাত্ৰত তেল গৰম কৰি ল’ব। তেল গৰম হ’লে খেজুৰী, কাজু, কিছমিছ, পিস্তা, কাঠ বাদাম খিনি ২ মিনিট সময় কম জুইত ভাজিব। ভজা হ’লে এটা পাত্ৰত উলিয়াই ৰাখিব। তাৰ পাছত সেই একেখিনি তেলতে ঘিউ খিনি দি দিব। তেল আৰু ঘিউৰ মিশ্ৰণ গৰম হ’লে চেৱাই খিনি দি ২ মিনিট সময় ভাজিব। ভজা হ’লে এটা পাত্ৰত উলিয়াই থব। এতিয়া আন এটা পাত্ৰত গাখীৰখিনিৰ পৰিমাণ আধা হোৱালৈ গৰম কৰিব আৰু ইয়াত ভজা চেৱাইখিনি দি দিব। প্ৰায় ১ মিনিট সময় চেৱাইখিনি সিজাওক । জুইখিনি কমাই দি ৩-৪ মিনিট জুইত হ’বলৈ দিব। ইয়াৰ পাছত চেনী দি ভালকৈ ল’ৰাব। এনে কৰোতে ১ মিনিট সময়ৰ বাবে জুই অলপ বঢ়াই দি আকৌ জুই বঢ়াই দিব। পাচ মিনিটমানৰ পাছত মাৱা আৰু কাজু বাদামৰ পেস্ট খিনি দি ভালকৈ ল’ৰাব। এতিয়া ইলাইছি পাউদাৰ আৰু ভাজি থোৱা কাজু, কিছমিছ ইত্যাদিবোৰ দি ৫ মিনিট সময়ৰ বাবে একেৰাহে ল’ৰাই থাকিব। এতিয়া জুইৰ পৰা নমাই এটা পাত্ৰত থ’ব। এনেদৰে তৈয়াৰ হ’ল শ্বাহী শ্বীৰ কোৰমা। সজোৱা সামগ্ৰীবোৰেৰে শ্বীৰ কোৰমা সজাই গৰমে গৰমে পৰিৱেশন কৰক নিজ পৰিয়াল তথা বন্ধু-বান্ধৱৰ আগত।

Previous মহানগৰীত দ্ৰুতবেগী চিটিবাছৰ খুন্দাত গুৰুত্বৰভাৱে আহত এজন যুৱ্ক
Next সুখ, শান্তি আৰু ভাতৃত্ববোধৰ বতৰাৰে ৰাজ্যজুৰি ঈদ-উল-ফিটৰ উদযাপন

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *