ইম্ফলৰ জীয়ৰী ডানুবে থাংজামৰ শিৰত ‘লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট’ ছিজন–২ সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ীৰ মুকুট; ১ম আৰু ২য় ৰাণাৰ্ছআপ গুৱাহাটীৰ জিজ্ঞাসা আৰু অনুষ্কা


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১৬ জুন, ২০১৮ঃ- শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হয় ‘লিভন ছেৰাম ফেচ অৱ নৰ্থ–ইষ্ট’ ছিজন–২ চূড়ান্ত সৌন্দৰ্য প্ৰতিযোগিতা। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাখনত ইম্ফলৰ জীয়ৰী ডানুবে থাংজামে বিজয়ীৰ খিতাপ পৰিধান কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে গুৱাহাটীৰ জিজ্ঞাসা কাশ্যপ আৰু অনুষ্কা লেখাৰুৱে ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছআপ লাভ কৰে। উল্লেখযোগ্য যে, উক্ত সৌন্দৰ্য প্ৰতিযোগিতাখনত বিচাৰক হিচাপে আছিল মিছ ইউনাইটেড নেচনছ ৰৌশনী হাছান, বিশিষ্ট গায়িকা অভিশ্ৰুতি বেজবৰুৱা আৰু ছবি নিৰ্মাতা সমুজ্জ্বল কাশ্যপ।

Previous প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা; শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেক অগপৰ সঁজাতী দলৰ সাক্ষাৎ
Next চতিয়াত সংঘটিত পথ দুৰ্ঘটনাত সাংবাদিক নিহত

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *