ঈদৰ শুভক্ষণত তেজপুৰৰ ‘জোনমণি আখল’ৰ পৰা বিশেষ ৰেচিপি- মটন বিৰিয়ানি
উপকৰণঃ-
- খাহী মাংস- ১ কেজি
- বাচমতি চাউল- ৩ কাপ (১/২ ঘ্ন্টা পানীত তিয়াঁই থ’ব)
- হালধী গুড়া- ৩/৪ চাহ চামুচ
- জলকীয়া গুড়া- ২ চাহ চামুচ
- নিমখ – স্বাদ অনুযায়ী
- ঘিউ- ২ টেবুল চামুচ
- ৰিফাইণ্ড তেল- ১ টেবুল চামুচ
- তেজপাত- এখিলা
- পিয়াঁজ -৪ টা (মিহিকৈ কাটি ল’ব)
- বিলাহী- ৩ টা (মিহিকৈ কাটি ল’ব)
- ধনীয়া পাত- ১ কাপ
- লং- ৪-৫ টা
- ইলাচি- ৪-৫ টা
- দালচিনি- ১ টা
মচলাৰ বাবে লগা সামগ্ৰীঃ-
- পিয়াঁজ- ৩ টা
- নহৰু- ১০-১২ টা কলি
- আদা- ৬-৭ ইঞ্চিৰ টুকুৰা
- কেঁচা জলকীয়া- ২ টা
- শুকান জলকীয়া- ৫-৬ টা
- কেঁচা নাৰিকলৰ গুড়া- ২ চাহ চামুচ
- পদিনা পাত- ৪-৫ খিলা
- ধনীয়া পাত- ১/৪ কাপ
- ধনীয়া গুড়া- ১ চাহ চামুচ
- পানী- ১/৪ কাপ
প্ৰণালীঃ-
প্ৰথমে মাংসখিনি সৰু সৰু টুকুৰা কৰি ভালকৈ ধুই পৰিস্কাৰ কৰি ল’ব। তাৰ পাছত মাংসখিনিত হালধী গুড়া, জলকীয়া গুড়া আৰু নিমখ দি ভালকৈ মিহলাই ১০-১৫ সময় থ’ব। এতিয়া মচলা বনাবৰ বাবে লগা সামগ্ৰীখিনি একেলগে এটা মিক্সাৰ গ্ৰাইণ্ডাৰত পিহি পেষ্ট তৈয়াৰ কৰি ল’ব। এতিয়া এটা প্ৰেছাৰ কুকাৰত ঘিউ আৰু তেল দি গৰম হ’বলৈ দিব। গৰম হ’লে তাত লং, ইলাচি, দালচিনি আৰু তেজপাত দি অলপ ৰঙচুৱাকৈ ভাজিব।ইয়াৰ পাছত কটা বিলাহী দি ভালকৈ লৰাব।মন কৰিব যাতে বিলহীখিনি কুকাৰৰ তলত লাগি নধৰে। তাৰ পিছত তৈয়াৰ কৰি থোৱা মচলাৰ পেষ্টখিনি দি লৰাব। এনে কৰোতে জুই কমাই ল’ব। ৫ মিনিটমান সময়ৰ পাছত মাংসৰ টুকুৰাবোৰ নিমখৰ সৈতে দি ল’ৰাব। এতিয়া এইখিনিত ৩ কাপ পানী দি ভালকৈ লৰাই প্ৰেছাৰ কুকাৰৰ ঢাকনি বন্ধ কৰি দিব (আপোনালোকে পানীৰ সলনি নাৰিকলৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে। ই মটন বিৰিয়ানিৰ সোৱাদ কিছু সলনিৰ লগতে বৃদ্ধিও কৰে)। কুকাৰৰ চিটি বা হুচেইল ৫-৬ টা বাজিলেই জুই বন্ধ কৰি দিব। এতিয়া তিয়াই ৰখা চাউলৰ পানীখিনি চাকনিৰে চাকি চাউলখিনি কুকাৰৰ ঢাকণিখন খুলি দি ভালকৈ লৰাব। এতিয়া কুকাৰৰ ঢাকণি বন্ধ কৰি ৭-৮ মিনিটমান সময় হ’বলৈ দিব। তাৰ পাছত জুই বন্ধ কৰি ৫-৬ মিনিট সময়লৈ কুকাৰৰ ঢাকনি নোখোলাকৈ গেছত ৰাখিব।পাছত ঢাকণি খুলি বিৰিয়ানিখিনি পাত্ৰ এটাত উলিয়াই ভজা পিয়াজ আৰু কাজু দি সজাব। আপোনাৰ উপভোগৰ বাবে মটন বিৰিয়ানি সম্পূৰ্ণৰূপে তৈয়াৰ। গতিকে ঈদ পাছদিনাখন নিজ্ৰ পৰিয়াল তথা অতিথিসকলৰ আগত পৰিৱেশন কৰক আপোনালোকৰ হাতেৰে তৈয়াৰী মটন বিৰিয়ানি।
No Comment