ডবাখেলৰ ইতিহাসত বিশ্বৰ দ্বিতীয় কনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ হিচাবে পৰিগণিত হ’ল ভাৰতীয় সন্তান আৰ. প্ৰজ্ঞানন্দা


অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৪ জুন, ২০১৮ঃ- ভাৰতীয় ডবা খেলুৱৈসকলৰ বাবে এটি সু-খবৰ। কাৰণ ডবাখেলৰ ইতিহাসত বিশ্বৰ দ্বিতীয় কনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰ হিচাবে পৰিগণিত হ’ল ভাৰতীয় সন্তান আৰ. প্ৰজ্ঞানন্দা। প্ৰাপ্ত তথ্য অনুসৰি, ইটালীত অনুষ্ঠিত হৈ থকা গ্ৰেদাইন অপেনত শনিবাৰে নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ১২ বছৰ ১০ মাহ ১৩ দিন বয়সত বিশ্বৰ দ্বিতীয়জন কনিষ্ঠ গ্ৰেণ্ডমাষ্টাৰৰূপে পৰিগণইত হয়। উল্লেখযোগ্য যে, তামিলনাডুৰ চেন্নাইৰ এইগৰাকী কণমানি ডবা খেলুৱৈৰ অনন্য কৃতিত্বক সমগ্ৰ দেশ তথা বিশ্ববাসীয়ে শলাগ লোৱা পৰিলক্ষিত হৈছে।

Previous জে.এন.ইউ.ৰ ছাত্ৰী তথা বাওঁপন্থী নেত্ৰী দ্বীপশিখা সিঙলৈ দুৰ্বৃত্তৰ এচিড নিক্ষেপ; কথমপি প্ৰাণৰক্ষা
Next কেইবাদিন ধৰি দি থকা নেৰা-নেপেৰা বৰষুণত গোগামুখৰ প্ৰায় ২০ গাওঁ জলমগ্ন

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *