খুমটাইত ৬৯ তম বন মহোৎসৱ সপ্তাহ উদযাপন; শতাধিক গছপুলি ৰোপন ও বিতঁৰণ


গোলাঘাটৰ পৰা নবীন গোহাঁই প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ৬ জুলাই, ২০১৮ঃ- ৰাজ্যৰ আন আন ঠাইৰ দৰে গোলাঘাট জিলাৰ খুমটাইত উদযাপন কৰা হৈছে ৬৯ তম বন মহোৎসৱ সপ্তাহ। প্ৰাপ্ত তথ্য অনুসৰি, এই বন মহোৎসৱ সপ্তাহটিৰ লগত সংগতি ৰাখি মঙলবাৰে খুমটাইৰ স্বেচ্ছাসেৱী সংগঠন ‘অয়ন’ আৰু খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ যুটীয়া উদ্যোগত তথা গোলাঘাট বন বিভাগৰ সামাজিক বনানীকৰণ শাখা আৰু স্থানীয় ৰাইজৰ সহযোগত খুমটাইৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ ও বিতৰণ কৰা হয়। উল্লেখযোগ্য যে, উক্ত কাৰ্য্যসূচীকেইটাৰ জৰিয়তে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয় চৌহদ, খুমটাই আৰক্ষী চকী প্ৰাঙ্গণ, বনগাওঁ গাড়ীগাওঁ ৰাজহুৱা নামঘৰ, গাড়ীগাওঁ নাট্যমঞ্চ প্ৰাঙ্গণ, গাড়ীগাওঁ খুমটাই সংযোগী পথ, খুমটাই পঞ্চায়ত চৌহদত শতাধিক গছপুলি ৰোপন কৰাৰ বিপৰীতে খুমটাই আদৰ্শ প্ৰাথমিক বিদ্যালয়, শঙ্কৰদেৱ শিশু নিকেতন বনগাঁও, বৰুৱা কচুপথাৰ হাইস্কুল আৰু বনগাঁও চলা হাইস্কুলকে আদি কৰি বহুকেইটা ৰাজহুৱা অনুষ্ঠানক গছ পুলি বিতৰণ কৰা হয়। মন কৰিবলগীয়া যে, উক্ত দিনা পুৱাৰে পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত খুমটাই ৰাজহ চক্ৰ বিষয়া ডঃ মণিকা বৰা, গোলাঘাটৰ ডি.এফ.অ. চাহিদুল ইছলাম, এ.চি.এফ. বীৰেন ডেকা, বন বিষয়া ৰূপম শৰ্মা আৰু ৰাজীৱ হাজৰিকাৰ লগতে বৰুৱা কচুপথাৰ হাই স্কুলৰ প্ৰধান শিক্ষক ধ্ৰুৱজ্যোতি গগৈ, খুমটাই ৰাজহ চক্ৰ কাৰ্যালয় সহায়ক বিতুল হাজৰিকা, বিপিন শইকীয়া, খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিলন খাটনিয়াৰ, স্বেচ্ছাসেৱী সংগঠন ‘অয়ন’ৰ সম্পাদক অৰিন্দম শৰ্মাসহিতে বিষয়ববীয়া-সদস্যসকলৰ ওপৰিও খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ বিষয়ববীয়াসকলও উপস্থিত থাকে। আনহাতে, বিগত ১ জুলাইৰ পৰা অহা ৭ জুলাইলৈকে সপ্তাহযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই বন মহোৎসৱত খুমটাইৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি খুমটাই ৰাজহ চক্ৰ বিষয়া ডঃ মণিকা বৰাই সাংবাদিকসকলক জানিবলৈ দিয়ে। ইয়াৰোপৰি, স্বেচ্ছাসেৱী সংগঠন ‘অয়ন’ৰ সম্পাদক অৰিন্দম শৰ্মাই জানিবলৈ দিয়ামতে কেৱল বন মহোৎসৱ সপ্তাহ উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰিছে তেনে নহয়, বৰঞ্চ সংগঠনটোৱে পৰিৱেশৰ লগত খাপ খোৱাকৈ উপযুক্ত স্থানত প্ৰকৃতি সেউজ পৰিবেশ গঢ় দিয়াৰ লগতে প্ৰদূষণমুক্ত কৰাৰ লক্ষ্যৰে ন-চিন্তাৰে বৃহত্তৰ খুমটাই অঞ্চলত ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত এনে পদক্ষেপ গ্ৰহণ কৰি যাব।

Previous কলিয়াবৰৰ মন্দিৰ-দেৱালয়ত ভয়ানক চুৰিকাণ্ড
Next ‘কোটা এড্যুকেশ্বনেল এণ্ড চেৰিটেবল ট্ৰাষ্ট’ চমুকৈ ‘কেক্ট’ৰ স্ব-নিৰ্ভৰশীল গোটৰ বিশ্বনাথ জিলা সমিতি গঠন

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *