সমগ্ৰ দেশলৈ গৌৰৱ অৰ্জনেৰে ফিনলেণ্ডত স্বৰ্ণৰে উজ্জ্বলিল অসমকন্যা হিমা


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১২ জুলাই, ২০১৮ঃ- বৃহস্পতিবাৰে সমগ্ৰ বিশ্বৰ আগত জিলিকি উঠিল অসমকন্যা হিমা দাস। প্ৰাপ্ত তথ্য অনুসৰি, অসম তথা সমগ্ৰ ভাৰতবৰ্ষত ইতিহাস সৃষ্টিৰে ফিনলণ্ডত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধ্বৰ বিশ্ব এথলেটিকছৰ মহিলাৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত হিমা দাসে ৰ্স্বণ পদক আজুৰি আনিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ১৮ বছৰীয়া এইগৰাকী কন্যাই ফিনলেণ্ডৰ ৰেটিনা ষ্টেডিয়ামত অনুষ্ঠিত দৌৰ প্ৰতিযোগিতাখনত বিভিন্ন দেশৰ প্ৰতিযোগীক চেৰ পেলাই নিজৰ চেষ্টা আৰু আত্মবিশ্বাসেৰে লাভ কৰা সফলতাক লৈ দেশজুৰি আনন্দৰ জোৱাৰ সৃষ্টি হৈছে। আনহাতে, হিমাৰ এথলীটগৰাকীৰ এই সফলতাত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ চৰকাৰৰ তৰফৰ পৰাও শুভেচ্ছা জ্ঞাপন কৰা হয়।

Previous নাৰায়ণপুৰত অসাৰ প্ৰতিপন্ন পৰিৱৰ্তনৰ শ্লোগান; বিদ্যুতৰ লুকা-ভাকুত অতিষ্ঠ ৰাইজ
Next মাজুলী সংৰক্ষণ সন্দৰ্ভত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়-ববীয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সভা; ১৮ মাহৰ সময়সীমা প্ৰদান

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *