কলিয়াবৰত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ


কলিয়াবৰৰ পৰা অমূল্য বৰাৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক ,ৰিপাব্লিক এন. ই., ১৭ জুলাই,২০১৮ঃ- সোমবাৰে কলিয়াবৰত এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়। প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে নিশা কলিয়াবৰৰ শিলঘাটৰ দাদুল বৰা নামৰ এজন ব্যক্তিৰ বাসগৃহৰ হাহঁৰ গঁৰালৰ পৰা উক্ত অজগৰ সাপটো উদ্ধাৰ হয়। উল্লেখযোগ্য যে, শিলঘাট-ৰবৰবাৰী গাঁৱৰ লগতে থকা ব্যক্তিজনৰ গঁৰালটোত হাঁহ ভক্ষণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় যুৱক সঞ্জীৱ ডেকাই প্ৰায় ১০ ফুট দৈৰ্ঘ্যৰ অজগৰ সাপটো উদ্ধাৰ কৰি শিলঘাট বনখণ্ডৰ বনকৰ্মীৰ সহায়ত কামাখ্যা সংৰক্ষিত বনাঞ্চলত নিশাই মুকলি কৰি দিয়ে।

Previous অসম ডাইনী হত্যা প্ৰতিৰোধী আইন, ২০১৫ লৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অনুমোদন
Next সদ্যঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ ফলাফল গোলাঘাটৰ পৰীস্মৃতা গোস্বামীৰ কৃতিত্ব

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *