খুমটাইত জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক প্ৰয়োগৰ কৰ্মশালাৰ সফল সামৰণি


গোলাঘাটৰ পৰা নবীন গোহাঁইৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৪ জুলাই, ২০১৮ঃ- অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ গোলাঘাট জিলাৰ খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা ৯ জুলাই পৰা ২১ জুলাইলৈকে অনুষ্ঠিত হোৱা জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক প্ৰয়োগৰ কৰ্মশালাটিৰ সফল সামৰণি পৰে।  প্ৰাপ্ত তথ্য অনুসৰি, জৈৱিক পদ্ধতিৰে কীটনাশক আৰু সাৰ প্ৰস্তুত কৰি কৃষি পথাৰত ব্যৱহাৰৰ যোগেদি কেনেকৈ সুফল পাব পাৰি সেই সম্পৰ্কত এক সপ্তাহজোৰা প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে, এই প্ৰশিক্ষণত জিলাখনৰ খুমটাই অঞ্চলৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে। মন কৰিবলগীয়া কথা যে, বৰ্তমান সময়ত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যসমূহ বর্জন কৰি জৈৱিক সাৰ, জৈৱ কীটনাশক দ্রব্য ব্যৱহাৰৰ জৰিয়তে ভৱিষ্যত প্রজন্মক সু-স্বাস্থ্য নিশ্চয়তা প্রদান কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰই এই আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই কৰ্মশালাটিত কৃষিৰ প্ৰতি আগ্ৰহী স্থানীয় ২৮ গৰাকী শিক্ষিত যুৱক-যুৱতীক জৈৱিক সাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ তথা খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ অধ্যক্ষ তথা জ্যেষ্ঠ বিজ্ঞানী ড° ফকৰুদ্দিন আলি আহমেদে প্ৰশিক্ষণত উপস্থিত থাকি অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক আদি খাদ্যৰ জৰিয়তে পেটলৈ যোৱাৰ ফলত কেন্সাৰ বা আন দুৰাৰোগ্য ৰোগ হোৱাৰ সম্ভাৱনা অধিক বুলি ব্যক্ত কৰি কৃষকসকলে  ৰাসায়নিক সাৰ ব্যৱহাৰ  বন্ধ কৰি জৈৱিক সাৰ ব্যৱহাৰ কৰিলে সকলোৰে বাবে উপকাৰী হ’ব বুলি উল্লেখ কৰে। ইয়াৰোপৰি, দৈনন্দিন ব্যৱহাৰ কৰি থকা পানী বিশুদ্ধ কৰি ৰখাৰ লগতে সকলোধৰণৰ ৰাসায়নিক দ্রব্য মাটিত বা শস্যত প্রয়োগ কৰাৰ পৰা বিৰত থকা উচিত বুলিও মন্তব্য কৰে। আনহাতে, ভূমি বিজ্ঞান বিভাগৰ বিজ্ঞানী সুকৃতী হাজৰিকাই কৃষি কৰ্মত অতি কম খৰচত কেঁচুসাৰ আৰু জৈৱিক কীটনাশক ব্যৱহাৰৰ ফলত মাটিৰ গুণাগুণ তথা মাটিৰ গাঁথনি অটুট থাকে বুলি উল্লেখ কৰে। উল্লেখনীয় যে, ভূমি বিজ্ঞানীগৰাকীয়ে আঁতধৰা সামৰণি অনুষ্ঠানত জ্যেষ্ঠ বিজ্ঞানী ড° ফকৰুদ্দিন আলি আহমেদৰ সঞ্চালনাত প্ৰশিক্ষাৰ্থীসকলক স্বীকৃতি হিচাপে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।

Previous শিশু নাট্য কৰ্মশালা 'নাটকৰে ধেমালি'ৰ সামৰণিৰে 'কলিয়াবৰ আৰু একলব্য' মঞ্চস্থ
Next মহাৰাষ্ট্ৰত মাৰাঠা আন্দোলনৰ হিংসাত্মক ৰূপ; এজন যুৱকৰ আত্মহত্যা

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *