২৭ জুলাইত একবিংশ শতিকাৰ সকলোতকৈ বৃহৎ চন্দ্ৰগ্ৰহণ; পৃথিৱীৰ ক’লা ছায়াই সম্পূৰ্ণৰূপে প্ৰভাৱান্বিত কৰিব চন্দ্ৰক


অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৬ জুলাই, ২০১৮ঃ- ২৭ জুলাইত সংঘটিত হ’ব একবিংশ শতিকাৰ সকলোতকৈ সৰ্ববৃহৎ চন্দ্ৰগ্ৰহণ। প্ৰাপ্ত তথ্য অনুসৰি, অহা ২৭ জুলাই শুক্ৰবাৰে সংঘটিত হ’বলগীয়া চন্দ্ৰগ্ৰহণৰ ফলত পৃথিৱীৰ ক’লা ছায়াই চন্দ্ৰটোক সম্পূৰ্ণৰূপে প্ৰভাৱান্বিত কৰিব। মন কৰিবলগীয়া কথা যে, ভাৰতীয় সময় অনুসৰি নিশা ১০ বাজি ৫৪ মিনিটত আৰম্ভ হ’বলগীয়া চন্দ্ৰগ্ৰহণটো চলিত বৰ্ষৰ জানুৱাৰী মাহত হৈ যোৱা চন্দ্ৰগ্ৰহণতকৈ অধিক শক্তিশালী হ’ব বুলি জানিব পৰা গৈছে। ফলস্বৰূপে ২৮ জুলাই নিশা ১ বজাত পৃথিৱীৰ ছায়াই চন্দ্ৰটোক সম্পূৰ্ণৰূপে ঢাকি ধৰিব আৰু ৩ বাজি ৪৭ মিনিটত ই পৃথিৱীৰ ছায়াৰ পৰা বাহিৰলৈ আহিব। আনহাতে, ভাৰতবৰ্ষৰ উপৰিও এই চন্দ্ৰগ্ৰহণ আফ্ৰিকা, দক্ষিণ এছিয়া, অষ্টেলিয়া আৰু দক্ষিণ আমেৰিকাটো দেখিবলৈ পোৱা যাৱ।

Previous দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত সীমান্ত পথ সংগঠনৰ সঞ্চালকপ্ৰধান হৰপাল সিং
Next বিভিন্ন সমস্যাৰ বিৰুদ্ধে কলিয়াবৰ আৰ্ট চ'ছাইটিৰ অভিনৱ প্ৰতিবাদ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *