লক্ষৌত নৰেন্দ্ৰ মোদীৰ ৬০ হাজাৰ কোটিৰ ৮১ টা যোজনাৰ আধাৰশিলা স্থাপন; কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অংশগ্ৰহণ


অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., লক্ষৌ, ২৯ জুলাই, ২০১৮ঃ- দেওবাৰে উত্তৰপ্ৰদেশত ৮১ টা যোজনাৰ আধাৰশিলা স্থাপনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অৰ্থনীতিত এক বিৰল অভিলেখৰ সৃষ্টি কৰে। প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ ৰাজধানী লক্ষৌস্থিত ইন্দিৰা গান্ধী প্ৰতিষ্ঠানত আয়োজিত এক আড়ম্বৰপূৰ্ণ কাৰ্য্যসূচীৰ জৰিয়তে সৰ্বমুঠ ৬০ হাজাৰ কোটিৰ উক্ত যোজনাসমূহৰ শুভাৰম্ভণি কৰে। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈ যোৱা ‘উত্তৰপ্ৰদেশ বিনিয়োগকাৰী সন্মিলন’ৰ অংশৰূপে আৰম্ভ কৰা এই যোজনাসমূহৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথসহিতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে, দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫ জন উদ্যোগপতিয়ে অংশ লোৱা অনুষ্ঠানটোত প্ৰায় ডেৰ শতাধিকৰো অধিক লোক উপস্থিত থাকে।

Previous খুমটাই আদৰ্শ চিকিৎসালয়ৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি; নিৰ্মীয়মাণ অৱস্থাতেই দেৱালত চিৰাল ফাঁট দিয়া কাৰ্যৰ বিৰুদ্ধে চাহ শ্ৰমিক সংগ্ৰাম সমিতিৰ গোচৰ
Next প্ৰধানমন্ত্ৰী মোডীৰ 'মন কী বাত'ত প্ৰশংসিত অসমকন্যা হীমা দাস

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *