খুমটাইত নুমলীগড় শোধনাগাৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ৩১৬জন বানাক্ৰান্ত কৃষকৰ মাজত উন্নত জাতৰ ধানৰ বীজ বিতৰণ


গোলাঘাটৰ পৰা নবীন গোহাঁইৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১১ আগষ্ট, ২০১৮ঃ- নীপকোৱে এৰি দিয়া পানীৰ ফলত সৃষ্টি হোৱা জলপ্ৰলয়ৰ ফলত গোলাঘাট জিলাৰ খুমটাইৰ অঞ্চল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নষ্ট হোৱা কাৰ্যই কৃষকসকলৰ সোনোৱালী সপোনসমূহ তচনছ কৰি পেলাইছিল। যাৰ বাবে বানাক্ৰান্ত অঞ্চলসমূহত কৃষকে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। সেয়েহে ভুক্তভোগী কৃষকসকলক কিছু পৰিমাণৰ সকাহ প্ৰদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ আৰু নুমলীগড় শোধনাগাৰ তৰফৰ পৰা এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, কৃষি বিজ্ঞান কেন্দ্ৰটো আৰু নুমলীগড়ৰ শোধনাগাৰৰ ফালৰ পৰা ৩১৬জন বানাক্ৰান্ত কৃষকৰ মাজত উন্নত জাতৰ ধানৰ বীজ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে, উক্ত কাৰ্যসূচীটোৰ জৰিয়তে জিলাখনৰ লেটেকুচাপৰি, মিঠাৰাম চাপৰি, বৰগৰীয়া, ৰজাবাৰী চাপৰি, বৰচাপৰি, পংকা, হালোৱাগাওঁ আদিকে কৰি দহখন বানাক্ৰান্ত গাঁৱৰ তিনি শতাধিক কৃষকৰ মাজত প্ৰায় ৩১ কুইন্টল উন্নত জাতৰ ধানৰ বীজ প্ৰদান কৰা হয়। মন কৰিবলগীয়া কথা যে, কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা অধ্যক্ষ ডঃ ফকৰুদ্দিন আলি আহমেদ জানিবলৈ দিয়া মতে এই ধানৰ বীজসমূহ কঁঠীয়া পৰা ২০ দিনৰ ভিতৰত কৃষকে পথাৰত ভূঁই ৰোপন কৰাৰ লগতে সৰ্বমুঠ ৯০ দিনৰ পৰা ৯৫ দিনৰ ভিতৰত ধান কাটিব পাৰিব। ইয়াৰোপৰি, বৰ্তমান সময়ত বানপীড়িত অঞ্চলসমূহৰ মাটিৰ আৰ্দ্ৰতা চাইহে ‘ধনশিৰি’ আৰু ‘লুইত’ নামৰ দুটা উন্নত মানদণ্ডৰ ধান বীজ কৃষকসকলক দিয়া হৈছে বুলিও কয়। বিজ্ঞানী অৰুণিমা ভড়ালীয়ে আতঁ ধৰা অনুষ্ঠানটোত জ্যেষ্ঠ বিজ্ঞানী ফকৰুদ্দিন আলি আহমেদৰ ওপৰিও নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগৰ মহাপ্ৰৱন্ধক প্ৰণৱ কুমাৰ শৰ্মা তথা ৰাতুল চন্দ্ৰ নেওঁগ, ভৈৰৱ গগৈ, কৃষ্ণাশ্ৰী বৰা, সুকৃতি হাজৰিকাকে আদি কৰি কেইবাগৰাকী বিজ্ঞানী আৰু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।

Previous তিতাবৰত তীব্ৰবেগী ট্ৰেইলাৰৰ খুন্দাত নিহত এজন
Next পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ কেন্দ্ৰীয় উপ-সভাপতি হেমেন সন্দিকৈৰ পৰলোকপ্ৰাপ্তি

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *