বাক্সাৰ শিলবাৰীস্থিত সন্ন্যাসী শিৱ ধামত ভক্তৰ লানি নিছিঙা সোঁত


বাক্সাৰ পৰা গুঞ্জন দাসৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১৩ আগষ্ট, ২০১৮ঃ- শাওণ মাহৰ অন্তিমটো দিন অৰ্থাৎ সোমবাৰে বাক্সা জিলাৰ শিলবাৰীস্থিত সন্ন্যাসী শিৱ ধামত ভক্তৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, মনোকামনা পূৰণৰ অৰ্থে ভোলানাথৰ চৰণত আশীৰ্বাদ ল’বলৈ সোমবাৰৰ দিনটো ভক্তৰ লানি নিছিঙা সোঁত বয়। উল্লেখযোগ্য যে, মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক প্রদীপ দাসে ৰিপাব্লিক এন. ই.ক জনোৱামতে দেওবাৰে নিশা এক বজাৰ পৰা সোমবাৰ পৰ্যন্ত প্ৰায় চল্লিছ হেজাৰ দার্শনাৰ্থীযে মন্দিৰটো দৰ্শন কৰে। ইয়াৰোপৰি, মন্দিৰৰ দেউৰী ইন্দ্ৰজিত দাসে ৰাইজৰ দান-বৰঙনিৰে মন্দিৰৰ চৌহদত দর্শনাৰ্থীৰ বহাৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰে। লগতে মন্দিৰটোৰ সৰ্বাংগীণ উন্নয়নৰ বাবে যাৱতীয় সহায়-সহযোগিতা আগবঢ়াবলৈ মন্দিৰ সমিতিৰ তৰফৰ পৰা চৰকাৰলৈ অনুৰোধ জনাইছে। স্মৰ্তব্য যে, সোমবাৰে দিনৰ ভাগত হোৱা ভক্তৰ সমাগমৰ ফলত ১২৭(এ) নং ৰাষ্ট্ৰীয় ঘাইপথটোত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।

Previous দক্ষিণ কামৰূপৰ ‘নাট্যদল যুগান্তৰ’ৰ ২০১৮-১৯ নাট্যবৰ্ষৰ শুভাৰম্ভণি
Next “অসমীয়া জাতিক ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে বিজেপি”-তৰুণ গগৈ; মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক 'নিমাতী ক‌ইনা' বুলি কটাক্ষ

1 Comment

  1. 08/19/2018
    Reply

    Beautiful and useful website.

Leave a reply

Your email address will not be published. Required fields are marked *