বি.বি.কিষান কলেজৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন


বাক্সাৰ পৰা গুঞ্জন দাসৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ১৬ আগষ্ট, ২০১৮ঃ- বৃহস্পতিবাৰে বাক্সা জিলাৰ বি.বি. কলেজৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ অন্তৰ্গত জালাহস্থিত অগ্ৰণী শিক্ষা প্ৰতিষ্ঠানটোত ডঃ কেশৱ বসুমতাৰীয়ে ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰাৰ পাছতেই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি হয়৷ উল্লেখযোগ্য যে, ল‌ক্ষ্মীনাথ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰজনীকান্ত মেধিৰ দ্বাৰা সম্পন্ন হোৱা স্মৃতি তৰ্পণৰ পাছতেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হয়। মন কৰিবলগীয়া কথা যে, বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সম্পন্ন হোৱা উক্ত মুকলি সভাখন সভাপতিত্ব কৰে ৬৩ চাপাগুৰি সমষ্টিৰ বিধায়ক হিতেশ্বৰ দাসে।

Previous অটল বিহাৰী বাজপেয়ীৰ বাসগৃহত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী; শ্ৰদ্ধাঞ্জলি জ্ঞাপন
Next সোণাৰিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত; আহত ১

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *