ৰাষ্ট্ৰীয় জেভলিন থ্ৰ’ত স্বৰ্ণজয়ী ৰুণজুন পেগুক মাজুলীত উষ্ম আদৰণি


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., মাজুলী, ২৮ ছেপ্টেম্বৰ, ২০১৮ঃ- অৱশেষত গৃহভূমিত উপস্থিত হ’ল আন এক স্বৰ্ণকন্যা ৰুণজুন পেগু। প্ৰাপ্ত তথ্য অনুসৰি, শুক্ৰবাৰে নিজৰ গৃহভূমি মাজুলী উপস্থিত হোৱাৰ পাছতেই ক্ৰীড়াবিদগৰাকীক সমগ্ৰ মাজুলীবাসী ৰাইজ তথা বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়।

উল্লেখযোগ্য যে, মাজুলীৰ সন্তানগৰাকীয়ে বিগত ৯ আৰু ১০ ছেপ্টেম্বৰ তাৰিখে লক্ষ্নৌৰ পি.এ.চি. ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জেভেলিন থ্ৰ’ অপেন চেম্পিয়নশ্চিপত সোণৰ পদক লাভেৰে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। আনহাতে, ৰাষ্ট্ৰীয় স্বৰ্ণপদক বিজয়ী ক্ৰীড়াবিদগৰাকীক নিজৰ গৃহভূমি মাজুলীত এক শোভাযাত্ৰাৰে আদৰি অনাৰ পাছতই জেংৰাইমুখত অনুষ্ঠিত এক বিশাল জনসভাৰ জৰিয়তে আছু, টি.এম.পি.কে., বীৰ লাচিত সেনাকে আদি কৰি বিভিন্ন দল-সংগঠন তথা ৰাইজে সম্বৰ্ধনাৰে উপচাই পেলায়।

Previous কোকৰাঝাৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু
Next নিউ বঙাইগাঁও ৰেলৱে জংচনত খহি পৰিল চিলিং; কথমপি যাত্ৰীৰ প্ৰাণৰক্ষা

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *