প্ৰসংগ আগন্তুক পঞ্চায়ত নিৰ্বাচন; সকলো মহাবিদ্যালয়, বিশ্ববিদ্যালয়ক ১৫ ডিচেম্বৰৰ পিছত পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই.,গুৱাহাটী, ৫ নৱেম্বৰ, ২০১৮ঃ- আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ লক্ষ্য ৰাখি ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা। প্ৰাপ্ত তথ্য অনুসৰি, অহা ৫ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই নিৰ্বাচনৰ বাবে সোমবৰে জাৰি কৰা উক্ত নিৰ্দেশনাটোত সকলো মহাবিদ্যালয়, বিশ্ববিদ্যালয়ক ১৫ ডিচেম্বৰৰ পিছত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে, ৰাজ্যিক নিৰ্বাচন আয়োগে চৰকাৰলৈ জনোৱাৰ এক বিশেষ অনুৰোধৰ পাছতই উচ্চ শিক্ষা বিভাগে তৎকালীনভাৱে এই নিৰ্দেশনাটো জাৰি কৰা বুলি জানিব পৰা গৈছে।

Previous ‘জিলিকাব লুইতৰে পাৰ’ শীৰ্ষক অনুষ্ঠানেৰে কৃষ্ণচূড়াৰ দেশত ৰোমন্থিত হ’ল সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা
Next বিশ্বনাথৰ পাভৈত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন নিহত

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *