ক্ৰমাৎ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত বাক্সাৰ ডাওধাৰা অঞ্চল


বাক্সাৰ পৰা গুঞ্জন দাসৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন.ই. ১৮ নৱেম্বৰ, ২০১৮ঃক্ৰমাৎ পৰ্যটন ক্ষেত্ৰলৈ পৰিণত হৈছে বাক্সাৰ এক বিশেষ অঞ্চল। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ ভূটান সীমান্তৱৰ্তী দাওধাৰাত দিনক দিনে বৃদ্ধি পাব ধৰিছে পৰ্যটকৰ লগতে পিকনিক দলৰ সংখ্যা।

উল্লেখযোগ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যোনৰ নিচেই গাতে লাগি থকা এই অঞ্চলৰ প্ৰাকৃতিক সোন্দৰ্য্য উপভোগৰ বাবে ভিন্ন প্ৰান্তৰ পৰা বহোতো লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে।

অঞ্চলটোৰ ৰাইজে ৰিপ্লাব্লিক এন. ই. ডট কমক জনোৱা অনুসৰি গোটেই বছৰটো দাওধাৰা আৰু ভূটান সীমান্ত পৰিদৰ্শনৰ বাবে অসমৰ লগতে ভাৰতবৰ্ষৰ আন আন ঠাইৰ পৰাও পৰ্যটকৰ আগমন ঘটাৰ লগতে নৱেম্বৰ মাহৰ পৰা জানুৱাৰী মাহৰ সময়ছোৱাত পিকনিক দলেৰে ভৰি পৰে এই ভূটান পাদদেশ। অতীজৰে পৰা ভূটানৰ নাগৰিকে বজাৰ সমাৰৰ বাবে এই অঞ্চলটো বাছি লোৱাৰ ফলত দাওধাৰাত ব্যৱসায়-বাণিজ্য বৃদ্ধি হৈছে। মন কৰিবলগীয়া কথা যে, বাক্সা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এই অঞ্চলটিয়ে অসমৰ পযটন ক্ষেত্ৰখনলৈ আশাৰ ৰেঙণি যে কঢ়িয়াই আনিব সেই কথা খাটাং।

Previous বোকাখাত লতাবাৰীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত
Next গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিধ্বংসী অগ্নিকাণ্ড; বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *