Posts in

Archives


মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ নামত চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে মাজুলীত আছুৰ জোঁৰ সমদল

Read More

শ্বহীদ মনেশ্বৰ বসুমতাৰীলৈ যোগগুৰু বাবা ৰামদেৱলৈ শ্ৰদ্ধাঞ্জলি; পৰিয়ালবৰ্গলৈ ২.৫ লাখ টকাৰ সাহাৰ্য্য প্ৰদান

Read More

ভাৰতে ধ্বংস কৰা পাকিস্তানী এফ-১৬ পাক অধিকৃত কাশ্মীৰত উদ্ধাৰ

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., মাজুলী, ২৮ ফেব্ৰুৱাৰী, ২০১৯ঃ- এক প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল হ’ল মাজুলী। প্ৰাপ্ত তথ্য অনুসৰি, মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ নামত চৰকাৰে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে মাজুলী আছুৱে এক জোঁৰ সমদল উলিয়ায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীটোত প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেতবোৰ শ্ল’গানেৰে আকাশ বতাহ কপাঁই তোলে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বাক্সা, ২৮ ফেব্ৰুৱাৰী, ২০১৯ঃ- শ্বহীদ মনেশ্বৰ বসুমতাৰীলৈ শ্ৰদ্ধাঞ্জলি যাচিলে যোগগুৰু বাবা ৰামদেৱে। বাক্সাৰ কুমাৰীকাটাস্থিত পতঞ্জলি আচাৰ্য কুলম দ্বিতীয় প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণৰ উদ্দেশ্যে বাক্সালৈ অহা যোগগুৰুগৰাকীয়ে বীৰ শ্বহীদগৰাকীৰ তামুলপুৰৰ গৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখযোগ্য যে, ৰামদেৱে পুলবামা বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালবৰ্গলৈ পতঞ্জলিৰ তৰফৰ ২.৫ লাখ টকাৰ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী, ২০১৯ঃ- বুধবাৰে ভাৰতে ধ্বংস কৰা পাকিস্তানী এফ-১৬ যুদ্ধ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হ’ল  পাক অধিকৃত কাশ্মীৰত। প্ৰাপ্ত তথ্য অনুসৰি, সংবাদসংস্থা এ.এন.আই.এ বৃহস্পতিবাৰে প্ৰকাশ কৰা এক আলোকচিত্ৰত এই কথা দেখা গৈছে। উল্লেখযোগ্য যে, উক্ত ফটোখনত পাকিস্তানৰ এগৰাকী কামাণ্ডিং বিষয়াসহ বায়ুসেনাৰ কেইবাজনো সৈন্যক বিমানৰ ধ্বংসাৱশেষৰ সৈতে দেখা পোৱা গৈছে যদিও এইক্ষেত্ৰত ভাৰতীয় …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী, ২০১৯ঃ- পাকিস্তান কৰ্তৃপক্ষই ভাৰত-পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ বৃহস্পতিবাৰে বাতিল কৰিলে বাবে সমঝৌতা এক্সপ্ৰেছ। দাউন নিউজ টিভিত প্ৰচাৰিত এক বাতৰিত এই কথা প্ৰকাশ হৈছে। উল্লেখযোগ্য যে, ১৬ জন যাত্ৰীৰে সৈতে যাত্ৰা কৰা ৰে’লখনে কাৰাচীৰ পৰা আহিছিল আৰু বৰ্তমান লাহোৰতে আবদ্ধ হৈ থকা বুলি বাতৰিটোত উল্লেখ কৰা হৈছে। সপ্তাহত দুবাৰকৈ অৰ্থাৎ সোমবাৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কামপুৰ, ২৮ ফেব্ৰুৱাৰী, ২০১৯ঃ- কামপুৰৰ জ্যেষ্ঠ সাংবাদিক ৰেৱতী মোহন বৰঠাকুৰ আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত সাংবাদিকগৰাকীৰ মৃত্যু হয়। উল্লেখযোগ্য যে, ‘আছাম ট্ৰিবিউন’ কাকতৰ কামপুৰৰ সাংবাদিকৰূপে কৰ্মৰত প্ৰয়াত ৰেৱতী মোহন বৰঠাকুৰ অসম প্ৰদেশ কংগ্ৰেছৰ যুৱ নেতা বিভূতি বৰঠাকুৰৰ পিতৃ।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., আমগুৰি, ২৭ ফেব্ৰুৱাৰী, ২০১৯ঃ- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিৱসাগৰ জিলাৰ আমগুৰিত ৭০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম আমগুৰি সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, এহেজাৰ কোটি টকা ব্যয়সাপেক্ষে ভাৰত চৰকাৰৰ অধীনৰ ছ’লাৰ এনাৰ্জী কৰ্প’ৰেচন অৱ ইণ্ডিয়াই সৌৰ প্ৰকল্পটোৰ দায়িত্ব গ্ৰহণ কৰা এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে হেলিকপ্টাৰযোগে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে, …

লখিমপুৰৰ পৰা জিয়াউল আলীৰ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ২৭ ফেব্ৰুৱাৰী, ২০১৯ঃ- লক্ষীমপুৰত প্ৰদান কৰা হ’ল আনন্দৰাম বৰুৱা বঁটা। অসম চৰকাৰৰ উদ্যোগত তথা লক্ষীমপুৰ জিলা প্ৰশাসনৰ সৌজন্যত ২০১৮ বষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত ৭৫% নাইবা তাতোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকললৈ লক্ষীমপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা আনন্দৰাম বৰুৱা বটা প্ৰদান অনুষ্ঠানৰ আযোজন কৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গৌৰীসাগৰ, ২৭ ফেব্ৰুৱাৰী, ২০১৯ঃ- সুদীৰ্ঘ দুমাহৰ অন্তত উদ্ধাৰ হ’ল নদীত পৰি সলিল সমাধি ঘটা দিচাংমুখৰ অফলা গাৱঁৰ এগৰাকী যুৱতীৰ মৃতদেহ। প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দিখৌ নদীৰ পাৰত ওপঙি থকা অৱস্থাত উদ্ধাৰ হ’ল ১৬ ডিচেম্বৰতেই দিচাংমুখত নদীত পৰি মৃত্যু হোৱা আজলী চেত্ৰী নামৰ যুৱতীগৰাকীৰ মৃতদেহ। উল্লেখযোগ্য যে, দুমাহ …

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী, ২০১৯ঃ- বুধবাৰে নেপালত এক ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দেশখনৰ নেপালৰ টেপ’লজন জিলাত সংঘটিত উক্ত হেলিকপ্টাৰ দুৰ্ঘটনাটোত দেশখনৰ পৰ্যটন মন্ত্ৰী ৰবীন্দ্ৰ অধিকাৰীসহ আন ৬জন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে, যে, এই দুৰ্ঘটনাটোত মন্ত্ৰীগৰাকীৰ লগতে উদ্যোগপতি আং চেৰিন ছেৰপা, হেলিকপ্টাৰখনৰ পাইলট প্ৰভাকৰৰ ওপৰিও পৰ্যটন মন্ত্ৰালয়ৰ দুজন বিষয়া আৰু …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., বিশ্বনাথ, ২৭ ফেব্ৰুৱাৰী, ২০১৯ঃ- স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বিশ্বনাথবাসীৰ এক বহুদিনীয়া অভাৱ পূৰণ হ’ল। কাৰণ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে শুভাৰম্ভ কৰে  ২০০ বিচনাযুক্ত বিশ্বনাথ জিলা অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য। উল্লেখযোগ্য যে, চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে ৰক্ত ভড়ালো মুকলি কৰে। মন কৰিবলগীয়া কথা যে, জিলা চিকিৎসালয়খনৰ ভূমি পূজনত …