গুৱাহাটী বিশ্ববিদ্যালয়লৈ সু-খবৰ; যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ডঃ অংকুৰণ দত্তলৈ বিজ্ঞান সংযোগৰ ২০১৮ বৰ্ষৰ ৰাষ্ট্ৰীয় সন্মান


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী বিশ্ববিদ্যালয়, ১৩ ফেব্ৰুৱাৰী, ২০১৯ঃ- সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়াললৈ সু-খবৰ। কাৰণ বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অংকুৰণ দত্ত বিজ্ঞান সংযোগৰ ২০১৮ বৰ্ষৰ ৰাষ্ট্ৰীয় সন্মানৰ বাবে মনোনীত কৰা হৈছে।মন কৰিবলগীয়া কথা যে, বৈদ্যুতিন মাধ্যম হিচাপে সামূহিক অনাঁতাৰ সেৱা’ ব্যৱহাৰেৰে বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত কাম কৰা প্ৰথম অসমীয়া বিজ্ঞান সংযোগকাৰী হিচাবে পৰিচিত ডঃ অংকুৰণ দত্তক দেশৰ বিজ্ঞান, প্ৰযুক্তি আৰু স্বাস্থ্য সংযোগৰ ক্ষেত্ৰত আগবঢ়োৱা আনবদ্য অৱদানৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰাণালয়ে এই বঁটা আগবঢ়াইছে।

Previous দ্বাদশ উত্তৰ-কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে দেব’লাল গাৰ্লোচাৰ কাৰ্যভাৰ গ্ৰহণ
Next ৰাজ্যসভাত নাগৰিকত্ব বিধেয়ক উত্থাপন নোহোৱাক লৈ মহানগৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ আনন্দোল্লাস

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *