‘এৰিকচন’ কোম্পানীক ৪৫০ কোটি টকা আদায় দিবলৈ অনিল আম্বানিক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ; ধনৰাশি আদায় নিদিলে জৰিমনাসহ খাটিব লাগিব কাৰাবাস


অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ২০ ফেব্ৰুৱাৰী, ২০১৯ঃ- বিপদত দেশৰ প্ৰখ্যাত উদ্যোগপতি অনিল আম্বানী। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় উচ্চতম ন্যায়ালয়ে ‘এৰিকচন’ কোম্পানীক ৪৫০ কোটি টকা আদায় দিবলৈ উদ্যোগপতিগৰাকীক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, ৰিলায়েঞ্চ কমিউনিকেশ্ব্যনৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীয়ে ৪ সপ্তাহৰ ভিতৰত আদায় নিদিলে ৩ মাহৰ কাৰাবাস আৰু ১ কোটি টকাৰ অতিৰিক্ত জৰিমনা বিহিব লাগিব বুলিও দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে জানিবলৈ দিয়ে৷ উদ্যোগপতি অনিল আম্বানীক দিয়া নিৰ্দেশে চৌদিশে চৰ্চা লাভ কৰিছে।

Previous ধুবুৰী আৰক্ষীৰ অভিযানত ২০ কিলোগ্ৰামসহ অন্যান্য সামগ্ৰী জব্দ
Next বঙাইগাঁৱৰ গৰাইমাৰীত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ৫জনৰ মৃত্যু

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *