Posts in

Archives


১ এপ্ৰিলত ইছৰ’ৱে মহাকাশলৈ প্ৰেৰণ কৰিব PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ

Read More

বিজেপিৰ ‘ম্যেইন ভী চৌকিদাৰ’ৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ ‘ম্যেইন ভী বেৰৌজগাৰ’ অভিযান আৰম্ভ

Read More

কামাখ্যা গে’টৰ ভাৰাঘৰত ছাত্ৰীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ; ভাৰাঘৰৰ মালিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

Read More

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০১৯ঃ- আন এক বৃহৎ কাৰ্যৰ দিশত অগ্ৰসৰ হৈছে Indian Space Research Organisation চমুকৈ ISRO। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে ১ এপ্ৰিল তাৰিখ সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ভাৰতীয় সময় অনুসৰি পুৱা ৯ বাজি ৩০ মিনিটত PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০১৯ঃ- সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভাৰতীয় ্জনতা পাৰ্টী দেশজুৰি অব্যাহত ৰখা ‘ম্যেইন ভী চৌকিদাৰ’ অভিযানৰ প্ৰত্যুত্তৰ দিবলৈ আগবাঢ়িছে কংগ্ৰেছ দল। প্ৰাপ্ত তথ্য অনুসৰি, বিজেপিৰ ‘ম্যেইন ভী চৌকিদাৰ’ৰ প্ৰত্যুত্তৰত কংগ্ৰেছে আৰম্ভ কৰিছে ‘ম্যেইন ভী বেৰৌজগাৰ’ শীৰ্ষক অভিযানৰ। মন কৰিবলগীয়া কথা যে, বিগত লোকসভা নিৰ্বাচনত বিজেপি দলে শাসনলৈ অহাৰ পূৰ্বে নিৰ্বাচনী …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০১৯ঃ- এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছে গুৱাহাটী মহানগৰীক। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ কামাখ্যা গে’টৰ এটি ভাৰাঘৰত দেওবাৰে ঋতু সিং নামৰ এগৰাকী ছাত্ৰীক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। উল্লেখযোগ্য যে, কে.আৰ.বি. ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক ভাৰাঘৰৰ মালিক বকুল দাসে হত্যা কৰা বুলি তেওঁৰ পৰিয়ালবৰ্গই অভিযোগ উত্থাপন কৰিছে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই.,  হাটশিঙিমাৰী, ৩১ মাৰ্চ, ২০১৯ঃ- দেওবাৰে হাটশিঙিমাৰীত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি,  হাটশিঙিমাৰীৰ বেপাৰীপাৰাত এখন তীব্ৰবেগী মালভৰ্তি ট্ৰাকৰ খুন্দাত আমিৰ আলী নামৰ এটি ১৫ বছৰীয়া কিশোৰৰ মৃত্যু হয়। উল্লেখযোগ্য যে, ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰা বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., যোৰহাট, ৩১ মাৰ্চ, ২০১৯ঃ- এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৱে সমগ্ৰ যোৰহাট জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে নিশা যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰীনিবাসৰ ওপৰ মহলাত জয়শ্ৰী ডেকা নামৰ এগৰাকী ছাত্ৰী ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। উল্লেখযোগ্য যে, স্নাতক চতুৰ্থ ষান্মাসিকত অধ্যয়নৰ এনে ৰহস্যজনক মৃত্যুৱে সমগ্ৰ জিলাখনতেই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., কাছাৰ, ৩১ মাৰ্চ, ২০১৯ঃ- শনিবাৰে কাছাৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, কাছাৰৰ উজান তাৰাপুৰত এখন অজ্ঞাত বাহনৰ খুন্দাত  বৰজবি সিং আৰু নজমূল ইছলাম নামৰ যুৱক দুজনৰ মৃত্যু হয়। উল্লেখযোগ্য যে, বাশঁকান্দি চন্দ্ৰপুৰৰ যুৱক দুজনে  এক অনুষ্ঠানত অংশ লৈ বাইকেৰে ঘৰলৈ উভতাৰ সময়তেই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ধুবুৰী, ৩০ মাৰ্চ, ২০১৯ঃ- শনিবাৰে ধুবুৰী জিলাৰ চাপৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, চাপৰৰ শালকোচাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ডাম্পাৰ আৰু এখন বাইকৰ মুখামুখি সংঘৰ্ষত মহিবুল মণ্ডল নামৰ বাইক আৰোহীজনৰ থিতাতে মৃত্যু হয়। উল্লেখযোগ্য যে, নিহত ব্যক্তিজনৰ ঘৰ ধীৰেৰচৰ প্ৰথম খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে। …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩০ মাৰ্চ, ২০১৯ঃ- উত্তৰ গুৱাহাটীৰ জি.এন.আৰ.চি.ত সংঘটিত হ’ল এক লজ্জাজনক ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসালয়খনৰ আই.চি.ইউ.ত ভৰ্তি হোৱা এগৰাকী ৰুগীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰহাতত আটক হ’ল চানমহম্মদ আলী নামৰ এজন স্বাস্থ্যকৰ্মী। উল্লেখযোগ্য যে, মহিলা স্বাস্থ্যকৰ্মীৰ অনুপস্থিতিত লম্পট স্বাস্থ্যকৰ্মীজনে আই.চি.ইউ.ৰ বিদ্যুত সংযোগ ব্যাহত কৰি ১৩ বছৰীয়া কিশোৰীগৰাকীক নিশাৰ ভিতৰত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ডিমৌ, ৩০ মাৰ্চ, ২০১৯ঃ- শগুণৰ মৃত্যু উপত্যকালৈ পৰিণত হ’ল ডিমৌৰ সমীপৰ বাম ৰজাবাৰী নলনী পথাৰ। প্ৰাপ্ত তথ্য অনুসৰি, মৃত গৰু ভক্ষণ কৰি  শুক্ৰবাৰে সন্ধিয়া অৰ্ধ শতাধিক শগুণ মৃত্যু হোৱাৰ বিপৰীতে ১০০ৰো অধিক বিষক্ৰিয়াত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছে। উল্লেখযোগ্য যে, অঞ্চলটোৰ স্থানীয় কেইজনমান যুৱকৰ তৎপৰতাত আন বহুকেইটা শগুণ বিষক্ৰিয়াৰ পৰা …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., লিডু, ২৭ মাৰ্চ, ২০১৯ঃ- মাৰ্ঘেৰিটাত সংঘটিত এক লজ্জাজনক ঘটনাই চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, মাৰ্ঘেৰিটাৰ লিডুত নিজৰ ভিনিহিয়েকৰ কামনাৰ বলি হ’ল ১৯ বছৰীয়া খুলশালী। উল্লেখযোগ্য যে, গাড়ীৰ ভিতৰত খুলশালীয়েকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত মুকেশ পণ্ডিত নামৰ লম্পটটোক আৰক্ষীয়ে আটক কৰিছে।