লখিমপুৰত ৩ খনকৈ দলঙৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., লখিমপুৰত, ৪ মাৰ্চ, ২০১৯ঃ- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত আজি সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ৩ খনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, মন্ত্ৰীগৰাকীয়ে মহৰা চাপৰি ক্লিক ঘাট, চিঙিমাৰি ঘাট আৰু আপালাঘাট মৰাশিমলুগুৰী ঘাটত নিৰ্মাণ হ’বলগীয়া দলং তিনিখনৰ আধাৰশিলা স্থাপন কৰে।

উল্লেখযোগ্য যে, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু আৰু ৰণোজ পেগুৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা এই দলংকেইখনে লখিমপুৰ, ঢকুৱাখনা আৰু মাজুলীক সংযোগ কৰিব।

Previous ভূমি বিবাদৰ কৰুণ পৰিণতিস্বৰূপে লংকাৰ কাকীত ভতিজাকৰ হাতত প্ৰাণ গ’ল খুড়াকৰ
Next ‘‘কিমান সন্ত্ৰাসবাদী মৰিলে সেইয়া গণনা কৰা আমাৰ কাম নহয়, আমাৰ কাম টাৰ্গেট গণনা কৰা যিটো বায়ুসেনাই সম্পূৰ্ণ কৰিছে।’’– সংবাদমেলত বায়ুসেনা প্ৰধান বি. এছ. ধানোৱা

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *