WorldWideWebৰ ৩০টা বছৰ পূৰ্ণ; GOOGLEএ প্ৰস্তুত কৰিলে আকৰ্ষণীয় DOODLE


অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১২ মাৰ্চ, ২০১৯ঃ- মানুহে নিজৰ দৈনন্দিন জীৱনত বিভিন্ন কাম-কাজ সম্পাদন কৰাৰ সময়ত যেতিয়াই ইন্টাৰনেটৰ ব্যৱহাৰ কৰে তেতিয়া এটা বিশেষ এপ্লিকেশ্ব্যনৰ সহায় লয়, সেইটো হ’ল WWW অৰ্থাৎ World Wide Web| আজিৰ দিনটোতেই এই WorldWideWebএ সম্পূৰ্ণ কৰিলে ৩০ টা বছৰ। প্ৰাপ্ত তথ্য অনুসৰি, আজিৰ পৰা ৩০ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৯ চনৰ ১২ মাৰ্চ তাৰিখে ব্ৰিটেইনৰ ভৌতিক বিজ্ঞানী টীম বাৰ্ণাচ লীয়ে ইয়াক প্ৰস্তুত কৰিছিল| লীয়ে HTTP, URL আৰু HTMLৰে নিৰ্মাণ কৰা এই এপ্লিকেশ্ব্যনটোৰ প্ৰস্তুত কৰাৰ সময়ত তেওঁ ইউৰোপৰ CERN নামৰ এটা সংগঠনত কৰ্মৰত অৱস্থাত আছিল। উল্লেখযোগ্য যে, ইয়াৰ পাছতেই ১৯৯১ চনত worldwideweb.app নামৰ ৱেব ব্ৰাউজাৰটো পোনপ্ৰথমবাৰৰ  মুকলি কৰা হয় যাৰ গুৰুত্ব আজিও প্ৰাসংগিক হৈ আছে। যিকোনো ৱেবচাইটৰ সন্ধান কৰা, ই-মেইল কৰাৰ লগতে সকলোধৰণৰ ডিজিটেল কাৰ্যত এই WorldWideWebএ ডিজিটেল যুগৰ এই সময়তছোৱাত সকলোৰে জীৱনত এক বিশেষ ভূমিকা পালন কৰি আহিছে। এইখিনিতে উল্লেখনীয় যে, WorldWideWebৰ ৩০তম বৰ্ষপূতি উপলক্ষে আজিৰ দিনটোত বিশ্বৰ আগশাৰীৰ চাৰ্চ ইঞ্জিন GOOGLEএ এটা আকৰ্ষণীয় DOODLE প্ৰস্তুত কৰাও পৰিলক্ষিত হয়।

Previous আজি চূড়ান্ত হ’ব অগপ-বিজেপিৰ মিত্ৰতা প্ৰসংগ; গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰীয় নেতা ৰাম মাধৱ
Next লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ সাম্ভাৱ্য প্ৰতিদ্বন্দিতা আগবঢ়াই জীৱনৰ ২য় ইনিংছ আৰম্ভ কৰাৰ দিশত ক্ৰিকেটাৰ গৌতম গম্ভীৰ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *