১ এপ্ৰিলত ইছৰ’ৱে মহাকাশলৈ প্ৰেৰণ কৰিব PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৩১ মাৰ্চ, ২০১৯ঃ- আন এক বৃহৎ কাৰ্যৰ দিশত অগ্ৰসৰ হৈছে Indian Space Research Organisation চমুকৈ ISRO। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে ১ এপ্ৰিল তাৰিখ সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ভাৰতীয় সময় অনুসৰি পুৱা ৯ বাজি ৩০ মিনিটত PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, কৃত্ৰিম উপগ্ৰহ, ৰকেট ইত্যাদিৰ উৎক্ষেপণ প্ৰত্যক্ষ কৰাত আগ্ৰহী লোকৰ মনোবল বৃদ্ধিৰ উদ্দেশ্যে ISROএ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰত এক গেলাৰী নিৰ্মাণ কৰি উলিয়াইছে। দুটাকৈ LAUNCHPADৰে একেলগে ৫ হাজাৰ লোকে ৰকেট তথা কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ স্পষ্টকৈ প্ৰত্যক্ষ কৰিব পৰা এই গেলাৰীটো ৩১ মাৰ্চ তাৰিখ দেওবাৰে ISROৰ অধ্যক্ষ কে. শিৱানে উদ্বোধন কৰে। PSLV45, EMISATসহ উৎক্ষেপণৰ বাবে সাজু কৰা ২৮টা উপগ্ৰহৰ ভিতৰত লিথুৱানা, স্পেইন, চুইজাৰলেণ্ড আৰু আমেৰিকাৰ কৃত্ৰিম উপগ্ৰহো আছে বুলি জানিব পৰা গৈছে।মন কৰিবলগীয়া কথা যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৰ সোমবাৰৰ এই কাৰ্যৰ জৰিয়তে ভাৰতবৰ্ষই মহাকাশৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সক্ষম হ’ব।

Previous বিজেপিৰ ‘ম্যেইন ভী চৌকিদাৰ’ৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ ‘ম্যেইন ভী বেৰৌজগাৰ’ অভিযান আৰম্ভ
Next ইছৰ’ৰ আন এক বৃহৎ সফলতা লাভ; ১ এপ্ৰিলত মহাকাশলৈ প্ৰেৰণ কৰিলে PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *