Posts in

Archives


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- শুকুৰবাৰে ঘোষণা হ’ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ চূড়ান্ত ফলাফল। প্ৰাপ্ত তথ্য অনুসৰি, নিজৰ ৱেবচাইটযোগে কেন্দ্ৰীয় লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফলত সৰ্বমুঠ ৭৫৯ প্ৰাৰ্থী উত্তীৰ্ণ হয়। উক্ত প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰথম দহটা স্থানপ্ৰাপ্ত প্ৰাৰ্থীসকল হ’ল- প্ৰথম স্থানঃ- কনিষ্ক কাটাৰিয়া দ্বিতীয় স্থানঃ- অক্ষত জৈন তৃতীয় স্থানঃ- জুনাইড আহমেদ চতুৰ্থ স্থানঃ- শ্ৰেয়াংছ কুমাট পঞ্চম …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে  শুক্ৰবাৰে এক সংবাদমেল আহ্বান কৰে। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত উক্ত সংবাদমেলত সভাপতিগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচক লৈ কেতবোৰ মন্তব্য প্ৰকাশ কৰে। উল্লেখযোগ্য যে, উক্ত সংবাদমেলত তেখেতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি আৰু তেওঁলোকৰ মিত্ৰ দল অগপই ৫ সমষ্টিত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- শুক্ৰবাৰে উন্মোচন হ’ল জুপিতৰা দেৱীৰ দ্বিতীয় কাব্য সংকলন ‘শেহান্তৰ’। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক উন্মোচনী অনুষ্ঠানত বহুকেইজন গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামানে এই কাব্য সংকলনখনি উন্মোচন কৰে। উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অতিথি প্ৰবক্তা হিচাবে কৰ্মৰত …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- বি.এছ.এফ.ৰ ৪ শ্বহীদ জোৱানলৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে মাওবাদীৰে সৈতে হোৱা এক সংঘৰ্ষত প্ৰাণ দিয়া বি.এছ.এফ.ৰ ৪ শ্বহীদ জোৱানৰ বাবে শুক্ৰবাৰে আয়োজন কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যখনৰ গৃহমন্ত্ৰী তাম্ৰধ্বজ চাহুসহ আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- অৱশেষত গেৰুৱা বসন পিন্ধিলে কৰিলে সদৌ অসম বঙালী ছাত্র ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসে। প্ৰাপ্ত তথ্য অনুসৰি, শুক্ৰবাৰে বিজেপিৰ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত বঙালী সম্প্ৰদায়ৰ নেতাগৰাকীয়ে দলটোত যোগদান কৰে। উল্লেখযোগ্য যে, অসমত বঙালী সম্প্ৰদায়ৰ লোকৰ অধিকাৰৰ বাবে বিগত সময়ছোৱাত বহুকেইটা আন্দোলনত নেতৃত্ব প্ৰদান কৰা নেতাগৰাকীয়ে বিজেপিৰ ৰাজ্যিক সভাপতি …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ছত্তীশগড়ত মাও উগ্ৰপন্থীৰ সৈতে বি.এছ.এফ.ৰ এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে ছত্তীশগড়ৰ কংকৰত মাও উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত ৪ জনকৈ বি.এছ.এফ. জোৱান নিহত হয়। উল্লেখযোগ্য যে, নিহত জোৱানসকলৰ ভিতৰত এজন অসমৰ জোৱানো আছিল। নিহত জোৱানজন শিৱসাগৰৰ দিখৌমুখৰ ধনেখোৱাৰ বিপুল বৰা বুলি জানিব …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- শুক্ৰবাৰে কামৰূপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপৰ মদনপুৰত এখন তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত বাইকত থকা দুজন যুৱক থিতাতে নিহত হয়। উল্লেখযোগ্য যে, উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ধুবুৰী, ৪ এপ্ৰিল, ২০১৯ঃ- ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে এক সফল জুৱাবিৰোধী অভিযান সম্পন্ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ধুবুৰী ৰেল’ৱে ষ্টেচনৰ সমীপৰ পৰা জুৱাত ব্যৱ্হৃত সামগ্ৰীসহ ৰহিমুদ্দিন শ্বেইখ নামৰ এজন ব্যক্তিক আটক কৰে। উল্লেখযোগ্য যে, আটকাধীন ব্যক্তিজনৰ ঘৰ ধুবুৰী জিলাৰ বিদ্যাপাৰাত বুলি জানিব পৰা গৈছে।

অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ এপ্ৰিল, ২০১৯ঃ- আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ আগবঢ়োৱা হৈছে সংযুক্ত আৰব এমিৰাটছৰ সন্মানীয় ‘জায়েদ মেডেল’ সন্মান। বৃহস্পতিবাৰে সংযুক্ত আৰব এমিৰাটৰ ৰাষ্ট্ৰপতি শ্বেইখ খালিফা বিন জায়েদ আল নাহয়ানে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে,  দুয়োখন ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক ৰণনীতিপূৰ্ণ সম্পৰ্কক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ …

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গোলাঘাট, ৪ এপ্ৰিল, ২০১৯ঃ- গোলাঘাট আৰক্ষীৰ জালত পৰিল এজন দুৰ্ধৰ্ষ আলফা(স্বাঃ)ৰ কেডাৰ। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে আৰক্ষীয়ে নিষিদ্ধঘোষিত সংগঠনটোৰ চিকিৎসা বিভাগৰ দায়িত্বত থকা গংগাধৰ চাৰ ওৰফে কৰুণা অসমক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, ২০১১ চনত আলফা(স্বাঃ)ত যোগ দিয়া কেডাৰজনে ম্যানমাৰৰ পৰা পলাই আহি নিজ ঘৰত আশ্ৰয় লৈ থকা সময়তেই আৰক্ষীয়ে গ্ৰেপ্তাৰ …