ইছৰ’ৰ আন এক বৃহৎ সফলতা লাভ; ১ এপ্ৰিলত মহাকাশলৈ প্ৰেৰণ কৰিলে PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ এপ্ৰিল, ২০১৯ঃ- আন এক বৃহৎ সফল কাৰ্য সম্পন্ন কৰিলে Indian Space Research Organisation চমুকৈ ISRO এ। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে ১ এপ্ৰিল তাৰিখ সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, ভাৰতীয় সময় অনুসৰি পুৱা ৯ বাজি ২৭ মিনিটত প্ৰেৰণ কৰা উপগ্ৰহকেইটাৰ ভিতৰত লিথুৱানা, স্পেইন, চুইজাৰলেণ্ড আৰু আমেৰিকাৰ কৃত্ৰিম উপগ্ৰহো আছে। মন কৰিবলগীয়া কথা যে, কৃত্ৰিম উপগ্ৰহ, ৰকেট ইত্যাদিৰ উৎক্ষেপণ প্ৰত্যক্ষ কৰাত আগ্ৰহী লোকৰ বাবে ISROএ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্ৰত এক গেলাৰী নিৰ্মাণ কৰিছিল। ৫ হাজাৰ লোকৰ আসনবিশিষ্ট এই গেলাৰীটোত ১২০০ৰো অধিক প্ৰত্যক্ষদৰ্শীৰ উপস্থিতিত সোমবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে সম্পন্ন কৰা এই বৃহৎ সফল কাৰ্যই জৰিয়তে ভাৰতবৰ্ষই মহাকাশৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিবলৈ সক্ষম হ’ল।

Previous ১ এপ্ৰিলত ইছৰ’ৱে মহাকাশলৈ প্ৰেৰণ কৰিব PSLV45, EMISATসহ আন ২৮টা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম উপগ্ৰহ
Next CABক লৈ বিজেপিক সমৰ্থন জনাইছে অসমবাসীয়ে; NEWS18 NETWORKৰ AGENDA INDIA অনুষ্ঠানত পৰোক্ষভাৱে এই কথা প্ৰকাশ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *