বিভূতি ভূষণ বৰঠাকুৰ, নেত্ৰৰঞ্জন মহন্তসহ কেইবাজনো কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ১ এপ্ৰিল, ২০১৯ঃ- সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক বৃহৎ ক্ষতিৰ সন্মুখীন হ’ল অসম প্ৰদেশ কংগ্ৰেছ কমিটি। প্ৰাপ্ত তথ্য অনুসৰি, কংগ্রেছৰ শীর্ষস্থানীয় নেতা জনাজাত অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সম্পাদক তথা মুখপাত্র বিভূতি ভূষণ বৰঠাকুৰ, লামডিং গ্ৰাম্য ব্লক কংগ্রেছৰ সভাপতি নেত্ৰ ৰঞ্জন মহন্ত আৰু কাকী জিলা পৰিষদৰ সদস্য জুন্তি ভাগৱতী বৰাই সোমবাৰে বিজেপিত যোগদান কৰে। উল্লেখযোগ্য যে, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিযুষ হাজৰিকাৰ লগতে বিজেপিৰ ৰাজ্যিক উপ- সভাপতি ডঃ প্ৰদীপ ঠাকুৰীয়া আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শৰ্মা উপস্থিতি অনুষ্ঠিত এই অনুষ্ঠানত অসমৰ আন এগৰাকী বিশিষ্ট ব্যক্তি তথা অসম সমবায় এপেক্স বেংকৰ উপ-সভাপতি বিশ্বজিৎ ফুকনেও যোগদান কৰে।

Previous ডকমকাৰ ছিৰিলাংছ’ত সেনাৰ গাড়ীৰ খুন্দাত এজন নিহত; আহত ১
Next বঙাইগাঁৱৰ খগৰপুৰত ১০ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপচেষ্টা চলাই এজন আটক

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *