কামৰূপ নে কামৰুপ?

অসমীয়া শব্দৰ ভুল ব্যৱহাৰেৰে কামৰূপ জিলা প্ৰশাসনৰ চৰম কাণ্ডজ্ঞানহীনতাৰ পৰিচয়

ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ এপ্ৰিল, ২০১৯ঃ- খোদ অসমতেই এলাগী হ’ল মাতৃভাষা অসমীয়া। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰাণৰো প্ৰাণ মাতৃভাষাটিৰ স্বকীয় বৈশিষ্ট্যক জলাঞ্জলি দি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ চৰকাৰী ৱেবচাইটত কামৰূপ শব্দটোত ূ কাৰৰ সলনি ব্যৱহাৰ কৰা হৈছে ু কাৰৰ অৰ্থাৎ কামৰূপৰ ঠাইত লিখা হৈছে কামৰুপ। উল্লেখযোগ্য যে, এজন অসমীয়া প্ৰশাসনিক বিষয়াই জিলা উপায়ুক্তৰ আসন শুৱনি কৰা কামৰূপ জিলা প্ৰশাসনৰ এনে কাৰ্যই অসমৰ শিক্ষিত সমাজ তথা সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আঝাতে, এই সন্দৰ্ভত সংবাদ মাধ্যমত কেইবাবাৰো প্ৰচাৰ হৈ আহিছে যদিও জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই।

Previous অভিনেত্ৰী চেতনা দাসলৈ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ২০১৯ বৰ্ষৰ ‘বৰপেটা বঁটা’
Next প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ সংযুক্ত আৰব এমিৰাটছৰ সন্মানীয় ‘জায়দ মেডেল’ সন্মান

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *