ধুবুৰী আৰক্ষীৰ জুৱাবিৰোধী অভিযানত এজন আটক


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., ধুবুৰী, ৪ এপ্ৰিল, ২০১৯ঃ- ধুবুৰী আৰক্ষীয়ে বৃহস্পতিবাৰে এক সফল জুৱাবিৰোধী অভিযান সম্পন্ন কৰে। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ধুবুৰী ৰেল’ৱে ষ্টেচনৰ সমীপৰ পৰা জুৱাত ব্যৱ্হৃত সামগ্ৰীসহ ৰহিমুদ্দিন শ্বেইখ নামৰ এজন ব্যক্তিক আটক কৰে। উল্লেখযোগ্য যে, আটকাধীন ব্যক্তিজনৰ ঘৰ ধুবুৰী জিলাৰ বিদ্যাপাৰাত বুলি জানিব পৰা গৈছে।

Previous গোলাঘাটত দুৰ্ধৰ্ষ আলফা কেডাৰ গ্ৰেপ্তাৰ
Next কামৰূপৰ মদনপুৰত সংঘটিত পথ দুৰ্ঘটনা দুজন নিহত

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *