প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ সংযুক্ত আৰব এমিৰাটছৰ সন্মানীয় ‘জায়দ মেডেল’ সন্মান


অনলাইন ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৪ এপ্ৰিল, ২০১৯ঃ- আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ আগবঢ়োৱা হৈছে সংযুক্ত আৰব এমিৰাটছৰ সন্মানীয় ‘জায়েদ মেডেল’ সন্মান। বৃহস্পতিবাৰে সংযুক্ত আৰব এমিৰাটৰ ৰাষ্ট্ৰপতি শ্বেইখ খালিফা বিন জায়েদ আল নাহয়ানে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে,  দুয়োখন ৰাষ্ট্ৰৰ মাজৰ দ্বিপাক্ষিক ৰণনীতিপূৰ্ণ সম্পৰ্কক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বাবেই নৰেন্দ্ৰ মোডীক এই সন্মানেৰে সন্মানিত কৰা বুলি জানিব পৰা গৈছে। এই বঁটা ঘোষণাৰ পিছতে আবুধাবিৰ যুবৰাজ মোহম্মদ বিন জায়েদে এক টুইটযোগে লিখিছেঃ- ‘‘ভাৰতৰ সৈতে আমাৰ ঐতিহাসিক আৰু প্ৰভাৱশালী সম্পৰ্ক আছে যাক দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়াই নিয়াত সহযোগ আগবঢ়াইছে। তেওঁৰ এই প্ৰয়াসৰ শলাগ লৈ ইউ.এ.ই.ৰ ৰাষ্ট্ৰপতিয়ে তেওঁক জায়েদ মেডেলেৰে সন্মানিত কৰাত অনুমোদন জনাইছে।’

আনহাতে, এই সন্মান লাভ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আনন্দ ব্যক্ততাৰে ইছলামিক ৰাষ্ট্ৰখনক ধন্যবাদ জ্ঞাপন কৰে।

Previous কামৰূপ নে কামৰুপ?
Next ধুবুৰী আৰক্ষীৰ জুৱাবিৰোধী অভিযানত এজন আটক

Suggested Posts

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *