গুৱাহাটী প্ৰেছ ক্লাবত জুপিতৰা দেৱীৰ কাব্য সংকলন ‘শেহান্তৰ’ উন্মোচন


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- শুক্ৰবাৰে উন্মোচন হ’ল জুপিতৰা দেৱীৰ দ্বিতীয় কাব্য সংকলন ‘শেহান্তৰ’। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক উন্মোচনী অনুষ্ঠানত বহুকেইজন গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আনিছ উজ জামানে এই কাব্য সংকলনখনি উন্মোচন কৰে। উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অতিথি প্ৰবক্তা হিচাবে কৰ্মৰত বিশিষ্ট লেখিকা জুপিতৰা দেৱীৰ দ্বাৰা ৰচিত আন এখন কাব্য সংকলন ‘জোনাক সৰিছে’ ২০১৩ চনত উন্মোচন কৰা হৈছিল।

Previous বি.এছ.এফ.ৰ ৪ শ্বহীদ জোৱানলৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলৰ শেষ শ্ৰদ্ধাঞ্জলি
Next ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ সংবাদমেল; প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ সমষ্টিত জয়লাভ কৰিব বুলি প্ৰকাশ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *