ছত্তীশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষত ৪ জনকৈ বি.এছ.এফ. জোৱান নিহত; প্ৰাণ দিলে শিৱসাগৰৰ দিখৌমুখৰ বিপুল বৰা


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ছত্তীশগড়ত মাও উগ্ৰপন্থীৰ সৈতে বি.এছ.এফ.ৰ এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে ছত্তীশগড়ৰ কংকৰত মাও উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত ৪ জনকৈ বি.এছ.এফ. জোৱান নিহত হয়। উল্লেখযোগ্য যে, নিহত জোৱানসকলৰ ভিতৰত এজন অসমৰ জোৱানো আছিল। নিহত জোৱানজন শিৱসাগৰৰ দিখৌমুখৰ ধনেখোৱাৰ বিপুল বৰা বুলি জানিব পৰা গৈছে।

Previous কামৰূপৰ মদনপুৰত সংঘটিত পথ দুৰ্ঘটনা দুজন নিহত
Next সদৌ অসম বঙালী ছাত্র ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসৰ বিজেপিত যোগদান

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *