সদৌ অসম বঙালী ছাত্র ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসৰ বিজেপিত যোগদান


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- অৱশেষত গেৰুৱা বসন পিন্ধিলে কৰিলে সদৌ অসম বঙালী ছাত্র ফেডাৰেছনৰ উপদেষ্টা সুকুমাৰ বিশ্বাসে। প্ৰাপ্ত তথ্য অনুসৰি, শুক্ৰবাৰে বিজেপিৰ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত বঙালী সম্প্ৰদায়ৰ নেতাগৰাকীয়ে দলটোত যোগদান কৰে। উল্লেখযোগ্য যে, অসমত বঙালী সম্প্ৰদায়ৰ লোকৰ অধিকাৰৰ বাবে বিগত সময়ছোৱাত বহুকেইটা আন্দোলনত নেতৃত্ব প্ৰদান কৰা নেতাগৰাকীয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। বঙালী ছাত্ৰ ফেডাৰেছনৰ নেতাগৰাকীৰ যোগদানক একাংশই স্বাগতম জনোৱাৰ বিপৰীতে আন একাংশই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সমালোচনা কৰা পৰিলক্ষিত হৈছে।

Previous ছত্তীশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষত ৪ জনকৈ বি.এছ.এফ. জোৱান নিহত; প্ৰাণ দিলে শিৱসাগৰৰ দিখৌমুখৰ বিপুল বৰা
Next বি.এছ.এফ.ৰ ৪ শ্বহীদ জোৱানলৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলৰ শেষ শ্ৰদ্ধাঞ্জলি

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *