ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৫ এপ্ৰিল, ২০১৯ঃ- ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে শুক্ৰবাৰে এক সংবাদমেল আহ্বান কৰে। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত উক্ত সংবাদমেলত সভাপতিগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচক লৈ কেতবোৰ মন্তব্য প্ৰকাশ কৰে। উল্লেখযোগ্য যে, উক্ত সংবাদমেলত তেখেতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপি আৰু তেওঁলোকৰ মিত্ৰ দল অগপই ৫ সমষ্টিত জয়লাভ কৰিব বুলি প্ৰকাশ কৰে। ইয়াৰোপৰি তেখেতে কংগ্ৰেছ দলক যথেষ্ট সমালোচনাৰে সেই দলটোক পৰিয়ালতন্ত্ৰত বিশ্বাসী দল বুলি উল্লেখ কৰে। মুঠৰ ওপৰত উক্ত সংবাদমেলৰ জৰিয়তে তেখেতে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিৰোধী দল কংগ্ৰেছ আৰু এই.আই.ইউ.ডি.এফ. দলক সমালোচনাৰে বাৰুকৈয়ে থকা-সৰকা কৰা পৰিলক্ষিত হয়।
ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ সংবাদমেল; প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ সমষ্টিত জয়লাভ কৰিব বুলি প্ৰকাশ

No Comment