উচ্চতম ন্যায়ালয়ত এন.আৰ.চি.ৰ শুনানি সম্পন্ন; ৩১ জুলাইত প্ৰকাশ হ’ব চূড়ান্ত এন.আৰ.চি.


ডিজিটেল ডেস্ক, ৰিপাব্লিক এন. ই., গুৱাহাটী, ৮ মে’, ২০১৯ঃ- অহা ৩১ জুলাইত প্ৰকাশ পাব এন.আৰ.চি.ৰ চূড়ান্ত খচৰা। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ত বুধবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ শুনানিত মহামান্য ন্যায়ালয়ে এই এই নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰে গঠিত দুজনীয়া বিচাৰপীঠত অনুষ্ঠিত এই শুনানিত ন্যায়ালয়ে এন.আৰ.চি.ৰ ওজৰ আপত্তিসমূহ নিয়ম অনুসৰি নিষ্পত্তিৰ নিৰ্দেশো প্ৰদান কৰে। আনহাতে, এন.আৰ.চি.ৰ পৰৱৰ্তী শুনানি অহা ১০ জুলাইত অনুষ্ঠিত হ’ব।

Previous মহানগৰীৰ নটবমাত কুঁৱা চাফা কৰি থাকোতে সংঘটিত দুৰ্ঘটনাত এজন শ্ৰমিকৰ মৃত্যু; আহত ১
Next ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে ৯ মে'ত সাহিত্য সভাৰ উদ্যোগত ‘বাংলাদেশত ধ্ৰুপদী সাহিত্যৰ প্ৰভাৱ’ শীৰ্ষক বক্তৃতানুষ্ঠান; নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব বাংলাদেশৰ জাতীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক চিন্ময় হাওলাদাৰ

No Comment

Leave a reply

Your email address will not be published. Required fields are marked *